নিউজ ডেস্ক, 15 জুনঃ গোলাঘাটৰ সুন্দৰপুৰ ৰজাআলি পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ ৷ মৃতদেহটো কাঠনি চাহ বাগিছাৰ জন কেৰ্কেটা নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে ৷ নিজ ভনীয়েকৰ ঘৰৰ পুখুৰীত ৰহস্যজনকভাৱে পুৱাৰ ভাগত উদ্ধাৰ হয় জন কেৰ্কেটাৰ মৃতদেহটো ৷ জানিব পৰা মতে, দেওবাৰে সুন্দৰপুৰত নিজ ভনীয়েকৰ ঘৰলৈ গৈছিল লোকজন ৷
আনহাতে যোৰহাটতো পদপথত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ ৷ যোৰহাটৰ পুৰণি বাছ আস্থানৰ সমীপৰ এখন সুৰাৰ দোকানৰ সমীপৰ পদপথত পৰি আছিল লোকজন ৷ লোকজন এগৰাকী ৰিক্সা চালক আছিল বুলি জানিব পৰা গৈছে যদিও এতিয়াও তেওঁৰ পৰিচয় সম্পৰ্কে জানিব পৰা যোৱা নাই ৷ পুৱাৰ ভাগত দোকান খুলিবলৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে মৃত লোক জনৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ যোৰহাটত সেনাৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু