ETV Bharat / state

গোলাঘাটত চাঞ্চল্য়: খাৰুৱা তেলৰ পাইপ ফুটাই তেল চুৰিৰ চেষ্টা - Active crude oil theft in Golaghat

গোলাঘাটৰ বিভিন্ন প্ৰান্তত খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা খাৰুৱা তেল চোৰ কৰা এটা চক্ৰ পুনৰ সক্ৰিয় হৈ উঠিছে(Active crude oil theft in Golaghat) । গোলাঘাট এইবাৰ গোলাঘাট জিলাৰ বাদুলীপাৰ ৰঙামাটি চেউনি কমাৰগাঁৱত পাইপ লাইন ফুটাই তেল চুৰি কৰাৰ চেষ্টা এই চক্ৰটোৰ(Attempt to steal oil by bursting crude oil conducting pipe) । গৰু চৰাবলৈ অহা এজন স্থানীয় ব্যক্তি প্ৰত্যক্ষ কৰিলে পাইপৰ পৰা তেল নিৰ্গত হৈ থকাৰ দৃশ্য ।

crude oil stolen from crude oil pipe in golaghat
গোলাঘাটত চাঞ্চল্য়: খাৰুৱা তেলৰ পাইপ ফুটাই তেল চুৰিৰ চেষ্টা
author img

By

Published : May 29, 2022, 1:04 PM IST

গোলাঘাট,২৯ মে': গোলাঘাটত চাঞ্চল্য়কৰ ঘটনা । খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰিৰ চেষ্টা দুষ্ট চক্ৰৰ(Active crude oil theft in Golaghat) । স্থানীয় ব্য়ক্তিৰ তৎপৰতাত সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলটোৰ ৰাইজ । গৰুৰ চৰাবলৈ যোৱা এজন স্থানীয় লোকে পাইপৰ পৰা তেল নিৰ্গত হৈ থকা দেখা পাই বিভাগীয় কৰ্মৰত স্থানীয় এজন কৰ্মচাৰীক খবৰ দিযাত ৰক্ষা পৰে অঞ্চলটো ।

গোলাঘাট জিলাৰ বাদুলীপাৰ ৰঙামাটি চেউনি কমাৰগাঁৱত পাইপ লাইন ফুটাই খাৰুৱা তেল চুৰি কৰাৰ চেষ্টা চলাইছিল চক্ৰটোৱে(Attempt to steal oil by bursting crude oil conducting pipe) । খুমটাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি চেউনি কমাৰগাঁৱৰ ২ নং বাদুলিপাৰ ৰিপিটাৰ্ছ পাম্পৰ পৰা প্ৰায় দুই কি.মি.ৰ দূৰত্বৰ ৰঙামাটিগাঁও পথাৰত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ড । অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানৰ পৰা বাৰাউনিলৈ যোৱা মূল খাৰুৱা তেল পৰিবাহী পাইপত কোনো দুষ্ট চক্ৰই ভেল্ব সংস্থাপন কৰি চেষ্টা চলাইছিল তেল চুৰি কৰাৰ ।

উল্লেখ যে শুকুৰবাৰে গাঁওখনৰ এগৰাকী ব্যক্তিয়ে গৰু চৰাবলৈ যাওঁতে সেই স্থানত তেল নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰি তাৎক্ষণিকভাৱে স্থানীয় এজন কৰ্মচাৰীক ঘটনা সম্পৰ্কে অৱগত কৰাত নিশাই ঘটনাস্থলীত বিভাগীয় বিষয়া কৰ্মচাৰী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ এটি দল উপস্থিত হয় । ইফালে নিশাই উপস্থিত হোৱা কৰ্মচাৰী সকলে নিৰ্গত হোৱা খাৰুৱা তেল বন্ধ কৰিবলৈ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ।

খাৰুৱা তেলৰ পাইপ ফুটাই তেল চুৰিৰ চেষ্টা

আনহাতে স্থানীয় লোকে সদৰি কৰা অনুসৰি যি স্থানত পাইপৰ পৰা খাৰুৱা তেল নিৰ্গত হৈছিল সেই স্থানৰ পৰা পুৱা ভাগলৈ পথাৰখনৰ এডৰা মাটিত তেল বিয়পি পৰে । পুৱাৰে পৰা অইল ইণ্ডিয়াৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত কৰ্মচাৰীসকলে খাৰুৱা তেল নিৰ্গত হোৱা প্ৰক্ৰিয়াটো বন্ধ কৰাৰ চেষ্টা চলাইছে যদিও পাইপডালৰ পৰা নিৰ্গত হোৱা তেল বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ।

তাৎপৰ্য পূৰ্ণ বিষয় যে দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কেইবাটাও স্থানৰ লগতে বাদুলিপাৰ সমীপৰ বহুপথাৰ অঞ্চলত একে ঠাইতে তিনিটা ভাল্ব সংস্থাপন কৰি দুষ্ট চক্ৰই তেল চুৰি কৰিছিল । পাছত দেৰগাঁও আৰক্ষীৰ সহযোগত অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই এই ভাল্ব সমূহ বন্ধ কৰিছিল ।

গুৰুত্বপূৰ্ণ বিষয় যে দেৰগাঁও আৰক্ষীৰ নাকৰ তলতে এটা খাৰুৱা তেল চুৰি চক্ৰই দীৰ্ঘদিন ধৰি তেল চুৰিকাণ্ড সংঘটিত কৰি আহিছে যদিও আজি পৰ্যন্ত দেৰগাঁও আৰক্ষীয়ে এই চক্ৰটোৰ লগত জড়িত এজনৰো শুংসূত্ৰ উলিয়াব পৰা নাই । এই লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ । সমগ্ৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে সচেতন ৰাইজে ।

লগতে পঢ়ক: Minor raped in Diphu: আৰক্ষী জিম্মাৰ পৰা পলায়ন মূল অভিযুক্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.