ETV Bharat / state

বোকাখাতত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্ছ - অসম চৰকাৰ

তিনিদিনীয়া ভ্ৰমণসূচীৰে গোলাঘাট জিলালৈ যোৱা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত শনিবাৰে পুৱাৰ ভাগত বোকাখাত মহকুমাৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

Bokakhat Flag Marse
ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বোকাখাতত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্ছ
author img

By

Published : Jul 10, 2021, 10:29 PM IST

Updated : Jul 10, 2021, 10:54 PM IST

বোকাখাট,10 জুলাই: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে গোলাঘাটত শুকুৰবাৰে ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (chandramohan patwari) । গোলাঘাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লগত এক বৈঠকৰ মিলিত হোৱাৰ পাচতে প্ৰয়োজনত গোলাঘাট জিলা প্ৰশাসনক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মন্ত্ৰী গৰাকীয়ে ।

বোকাখাতত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্ছ

উল্লেখযোগ্য যে, তিনিদিনীয়া ভ্ৰমণসূচীৰে গোলাঘাট জিলালৈ যোৱা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত শনিবাৰে পুৱাৰ ভাগত বোকাখাত মহকুমাৰ ক’ভিড পৰিস্থিতি (COVID-19 SITUATIONS) সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত পৰ্যালোচনা সভাখনত কৃষি, পশু পালন ও পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু বহু উচ্চ পদস্থ বিষয়া প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ বিষয়াসকল উপস্থিত থাকে ।

সভাত উদ্যোগ মন্ত্ৰীগৰাকীয়ে বোকাখাত মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ লগতে গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰসমূহত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় । তাৰ লগতে মহকুমা চিকিৎসালয়ত উপলব্ধ অক্সিজেন সৰ্ন্দভতো পৰিস্থিতিৰ বুজ লয় ।

একেদৰে অগ্ৰাধিকাৰৰ ভিত্তিত বোকাখাত মহকুমাত পর্যাপ্ত পৰিমাণৰ টেষ্টিং কিট আৰু ভেকচিন যোগান ধৰিবলৈ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবগৰাকীক নিৰ্দেশ দিয়ে । চাহ বাগিচাসমূহৰ ক’ভিড পৰিস্থিতিৰ ওপৰতো সভাখনত বিশেষভাৱে আলোচনা কৰা হয় ৷ মন্ত্ৰীগৰাকীয়ে আগন্তুক ১০ দিনৰ বাবে প্ৰশাসন আৰু আৰক্ষী বিভাগক মহকুমাটোত ক’ভিড নীতি-নিৰ্দেশনা কঠোৰ ভাবে বলৱৎ কৰিবলৈ আহ্বান জনায় ।

সেই অনুসৰি শনিবাৰে বোকাখাত মহকুমাত চিআৰপিএফৰ(CRPF) সহযোগিতাত আৰক্ষীৰ দ্বাৰা ফ্লেগ মাৰ্চৰ ব্যৱস্থা কৰা হয় ৷ আনহাতে উক্ত সভাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মহকুমাটোত অবৈধ সুৰা তথা চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণভাৱে উচ্ছেদ কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ প্ৰদান কৰে ।

বোকাখাত মহকুমাটোৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত ক’ভিড পৰীক্ষণ কৰাৰ লগতে ক’ভিড প্ৰতিষেধক প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰশাসনক মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে । গেলামালৰ দোকানসমূহৰ কৰ্মচাৰীৰ ক’ভিড টেষ্ট কৰোৱাৰ লগতে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে যদি ক’ভিড নিৰ্দেশনা উলংঘা কৰে তেনে প্ৰতিষ্ঠানৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈকো প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়কঃ চাম'লীৰ পুষ্প উপত্যকা দেখিছেনে ?

Last Updated : Jul 10, 2021, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.