ETV Bharat / state

দুৰ্নীতি নিৰ্মূলত ব্যৰ্থ সোণোৱাল চৰকাৰ : বোকাখাতৰ পঞ্চায়তত দুৰ্নীতি !

author img

By

Published : Jul 31, 2019, 2:05 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত দৰিদ্ৰ লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰাত লাগিছে বাদুলিপাৰা গাঁও পঞ্চায়তৰ পঞ্চায়তকৰ্মী ৷  হিতাধিকাৰীয়ে অনলাইন আৱেদন কৰাৰ বাবদ 200 টকাৰ পৰা 3000 টকা পৰ্যন্ত দিবলগা হৈছে পঞ্চায়তটোৰ সচিব আৰু গাঁও পঞ্চায়তটোৰ সমন্বয়কক ৷

বোকাখাতৰ পঞ্চায়তত দুৰ্নীতি

খুমটাই, জুলাই 31 : দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা সোণোৱাল চৰকাৰৰ বাবে এতিয়া অসম্ভৱ হৈ পৰিছে দুৰ্নীতি ৰোধ ৷ বিভিন্ন ছিণ্ডিকেটৰ পৰা আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়লৈকে ৰঘুমলাৰ দৰে শিপাইছে দুৰ্নীতিয়ে ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত পোহৰলৈ আহিছে পঞ্চায়ত কৰ্মীৰ দুৰ্নীতিৰ তথ্য ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত দৰিদ্ৰ লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰাত লাগিছে বাদুলিপাৰা গাঁও পঞ্চায়তৰ পঞ্চায়তকৰ্মী ৷ হিতাধিকাৰীয়ে অনলাইন আৱেদন কৰাৰ বাবদ 200 টকাৰ পৰা 3000 টকা পৰ্যন্ত দিবলগা হৈছে পঞ্চায়তটোৰ সচিব আৰু গাঁও পঞ্চায়তটোৰ সমন্বয়কক ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে পঞ্চায়তৰ একাংশ ৱাৰ্ড সদস্যক কোনো কথা অৱগত নকৰি সচিব লক্ষীকান্ত শইকীয়াই নিজৰ মতে আৱণ্টন কৰাৰ কথা প্ৰকাশ কৰিছে একাংশ হিতাধিকাৰী আৰু ৱাৰ্ডৰ সদস্যই ৷ আনকি সচিব লক্ষীকান্ত শইকীয়াই ৱাৰ্ড সদস্য সকলৰ পৰাও ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে, সমন্বয়ক গৰাকীয়ে হিতাধিকাৰী সকলে নিজে দিয়াৰ বাবেহে তেওঁ লয় বুলি নিজ মুখেৰেই স্বীকাৰ কৰা ঘটনাই পঞ্চায়ত স্তৰত সংঘটিত দুৰ্নীতিৰ বজাৰখন উদঙাই দিছে ৷ সচিব লক্ষীকান্ত শইকীয়াৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাদুলিপাৰা পঞ্চায়তত ৷ পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে এই ঘটনাত জড়িত দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উল্লেখ কৰে ৷

Intro:কৃষি মন্ত্ৰী অতুল বৰা বোকাখাত সমষ্টিৰ অন্তৰ্গত বাদুলিপাৰা গাওঁ পঞ্চায়তৰ একাংশ কৰ্মচাৰীৰ বৃহৎ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে।
Body:প্ৰধানমন্ত্ৰীৰ আবাসগৃহ অনলাইন কৰাৰ বাবদ ২০০ৰ পৰা ৩০০০টকা প্ৰযৰ্ন্ত ধন সংগ্ৰহত নামি পৰিছে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বাদুলিপাৰ গাওঁ পঞ্চায়তৰ কৰ্মচাৰী।প্ৰধানমন্ত্ৰী আবাসগৃহ আচনীৰ হিতাধিকাৰীৰ পৰা অনলাইন কৰাৰ বাবদ পঞ্চায়ত খনৰ সচীব আৰু গাওঁ পঞ্চায়ত খনৰ সমন্বয়কে ২০০পৰা ৩০০০টকা প্ৰযৰ্ন্ত ধনসংগ্ৰহ কৰাৰ অভিযোগ তুলিছে পঞ্চায়ত খনৰে ৱাৰ্ড সদস্যাৰ লগতে বহু সংখ্যক হিতাধিকাৰীয়ে। প্ৰধানমন্ত্ৰী আবাসগৃহৰ বিষয়ে পঞ্চায়তৰ একাংশ ৱাৰ্ড সদস্যক কোনো কথা অৱগত নকৰি সচিব লক্ষীকান্ত শইকীয়াই নিজৰ মতে কৰি ৱাৰ্ড সদস্য সকলক গুৰুত্ব নিদিয়াৰ কথা প্ৰকাশ কৰিছে।আৰু সময়ে সময়ে সচিব লক্ষীকান্ত শইকীয়াই ৱৰ্ড সদস্য সকলৰ পৰাও ধন দাবী কৰি আহিছে।সমন্বয়ক গৰাকীয়ে নিজে স্বীকাৰ কৰিছে যে হিতাধিকাৰী সকলে নিজে দিয়াৰ বাবেহে তেওঁ লয়। পঞ্চায়ত খনৰ এনে দুৰ্নীতিৰ কথা পোহৰলৈ অহাৰ লগে লগে পঞ্চায়ত খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।পঞ্চায়ত খনৰ সভানেত্ৰী গৰাকীয়ে এই ঘটনাৰ কথা গমপাই দুই গৰাকী বিষয়াৰ বিৰুদ্ধে বিহীত বেৱস্থা গ্ৰহণ কৰা হব বুলি কোৱাতহে পৰিস্থিতি সামকাতে।Conclusion:Byte-. 1/পঞ্চায়ত খনৰ সভানেত্ৰী।
2/ অভিযোগকাৰি ৱাৰ্ড সদস্যা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.