তিতাবৰ,10 এপ্ৰিল: অসম ৰাজ্যিক বিদ্যুত পৰিষদে প্ৰেৰণ কৰা বিল দেখি এতিয়া পেটতে হাত-ভৰি লুকাইছে গোলাঘাটৰ গ্ৰাহকসকলৰ । বিশেষকৈ জিলাখনৰ মেৰাপানী অঞ্চলৰ গ্ৰাহকসকলৰ মাজত এতিয়া বিদ্যুতৰ বিলে একপ্ৰকাৰ সৃষ্টি কৰিছে ত্ৰাসৰ ।
গোলাঘাট বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ে গ্ৰাহকলৈ প্ৰেৰণ কৰিছে হাজাৰ টকীয়া বিল ৷ মাথো এমাহতে এটা পৰিয়াললৈ 37,000 টকাৰ বিল প্ৰেৰণ কৰিছে বিভাগে । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহকসকল ৷ নিয়মীয়াকৈ বিদ্যুত মাচুল পৰিশোধ কৰি অহাৰ পাছতো এমাহতে হাজাৰ হাজাৰ টকাৰ বিদ্যুত বিল হাতত পৰাৰ পাছত স্বাভাৱিকতেই বিদ্যুত পৰিষদৰ প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰিছে গ্ৰাহকসকল ।
ইফালে একাংশ গ্ৰাহকলৈ বিদ্যুত বিলৰ লগতে লোক আদালতৰ জাননী অহাত শংকিত হৈ পৰিছে গ্ৰাহকসকল । এই ক্ষেত্ৰত বিদ্যুত পৰিষদক শীঘ্ৰে এক উচিত পদক্ষেপ গ্ৰহণ কৰি সমস্যা সমাধানৰ আহ্বান জনাইছে গ্ৰাহকসকলে ।