ETV Bharat / state

Golaghat Road Accident : প্ৰাণ হেৰুৱালে অসম আৰক্ষী(Assam Police)ৰ জোৱানে - গোলাঘাটত পথ দুৰ্ঘটনা

পথ দুৰ্ঘটনা(Golaghat Road Accident)ত মৃত্যু অসম আৰক্ষীত কৰ্মৰত জোৱান(Constable of assam police dead)ৰ ৷ গোলাঘাটৰ কমাৰগাঁৱৰ পানীদিহিঙীয়াত সংঘটিত হৈছিল উক্ত পথ দুৰ্ঘটনা ৷

Golaghat Road accident
পথ দুৰ্ঘটনা
author img

By

Published : Nov 20, 2021, 5:36 PM IST

গোলাঘাট, 20 নৱেম্বৰ : গোলাঘাটৰ কমাৰগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনা(Golaghat Road Accident)ত মৃত্যুবৰণ কৰিছে অসম আৰক্ষীত কৰ্মৰত এগৰাকী জোৱানে(Constable of assam police dead) ৷ শনিবাৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ(37 National Highway)ত সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱতি নিশা ঘাইপথটোৰে আহি থকা এখন অচিনাক্ত বাহনে খুন্দিয়াই অসম আৰক্ষীত কৰ্মৰত এগৰাকী জোৱানক ৷ বাহনৰ খুন্দাত মৃত্যু ঘটা জোৱানগৰাকীৰ মৃতদেহ পৰি ৰয় ৰাজপথতে ৷ পৰৱৰ্তী সময়ত প্ৰাতঃভ্ৰমণলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

ততালিকে স্থানীয় লোকসকলে খবৰ দিয়ে কমাৰগাঁও আৰক্ষী(Komargaon Police)ক ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ পকেটৰ পৰা I-card উদ্ধাৰ কৰি 11 নং অসম আৰক্ষীৰ জোৱান মৃগেন তামুলী বুলি চিনাক্ত কৰে ৷

উল্লেখ্য যে, দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে জোৱানগৰাকীৰ পালচাৰ বাইকখন ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়(Swahid Kushal Konwar Civil Hospital Golaghat)লৈ প্ৰেৰণ কৰে ৷

জোৱানগৰাকীৰ বাইকখন ৰখাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা কাৰ্যই ঘটনাটো ৰহস্যময় কৰি তুলিছে ৷ সম্প্ৰতি কমাৰগাঁও আৰক্ষী(Komargaon Police)য়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে চাওক: কামপুৰত ৰাস নাচিবলৈ আহি দুৰ্ঘটনাত নিহত ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.