ETV Bharat / state

সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

author img

By

Published : Nov 18, 2021, 7:52 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহংকাৰী ৷ শিক্ষকক সন্মান কৰিব নাজানে তেওঁ ৷ সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই ড৹ শৰ্মাৰ ৷ জানো আহক কোনে কিয় কৰিলে অভিযোগ ৷

congress-mp-gaurav-gogoi-takes-a-jibe-on-cm-himanta
সতীৰ্থ মন্ত্ৰীৰ লগত সহযোগ নাই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

বোকাখাত, 18 নবেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এগৰাকী অহংকাৰী ব্যক্তি ৷ দীৰ্ঘদিন শিক্ষামন্ত্ৰী হৈ থকা ড৹ হিমন্ত বিশ্ব শৰ্মাই নাজানে শিক্ষক সকলক সন্মান কৰিব ৷ আনকি সতীৰ্থ মন্ত্ৰী সকলৰ লগতো সহযোগ নাই মুখ্যমন্ত্ৰী গৰাকীৰ ৷ ৰ’ব এই অভিযোগ আমাৰ নহয়, বৃহস্পতিবাৰে বোকাখাতত জনজাগৰণ অভিযানত অংশ লৈ এই সমূহ অভিযোগ উত্থাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷

কংগ্ৰেছৰ দুই-তিনিজন বিধায়ক লগত লৈ এল পি জি গেছ, মিঠা তেল, প্ৰেট’লৰ লগতে সামগ্ৰীৰ দাম কমাই দিবলৈ সক্ষম হ’লে বিজেপিক স্বাগতম জনাম,শলাগ ল’ম বুলিও কয় তেওঁ । কংগ্ৰেছৰ বিধায়কক প্ৰলোভন আৰু ভয় ভাবুকিৰে বিজেপি দললৈ নি বিটিছৰ দৰে শাসন কৰিলে পুনৰ আন্দোলন হ’ব বুলিও হুংকাৰ দিয়ে গগৈয়ে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুযায়ী ধাৰাবাহিকভাৱে চলি থকা জন জাগৰণ অভিযান কাৰ্যসূচীৰ অংশ হিচাপে বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বৃহস্পতি বাৰে বোকাখাতত হোৱা কাৰ্যসূচীত সাংসদ গৌৰব গগৈয়ে অংশ গ্ৰহণ কৰে ।

বোকাখাতৰ গণক আটি প্ৰাথমিক বিদ্যালয়ত এক ৰাজহুৱা সভা অনুস্থিত কৰি শিশু আৰু প্ৰসুতিক কিছু আৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে সাংসদ গৰাকীয়ে । উক্ত সভাতে কেইবাগৰাকীও মহিলাই কংগ্ৰেছ দলত আনুস্থানিকভাৱে যোগদান কৰে । সভাৰ পাছতে বিজেপি দলৰ মিথ্যাচাৰৰ বিৰুদ্ধে এক সজাগতা সমদল বাহিৰ কৰে দলীয় কৰ্মী সকলে ।

লগতে পঢ়ক : কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.