গোলাঘাট, 19 আগষ্ট: "এইটো আমাৰ এক সপোন আছিল ৷ সেইবাবে আমি যথেষ্ট কষ্ট কৰিছিলো ৷ সেইমতে আমি সাৰ্থকো হৈছো ৷" কাজিৰঙাত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে নয়নমণিয়ে (Nayanmani Shaikia is warmly welcomed in Kaziranga) ৷ বাৰ্মিংহামত স্বৰ্ণজয় কৰি ইতিহাস সৃষ্টিকৰা লনবল খেলুৱৈ নয়নমণি শইকীয়াক আজি কাজিৰঙাত উষ্ম আদৰণি জনোৱা হৈছে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাবলৈ বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত কাজিৰঙাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে নয়নমণি শইকীয়াক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
নয়নমণিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, যথেষ্ট ত্যাগৰ বলত এই সফলতা তেওঁ লাভ কৰিছে (Commonwealth gold medalist Nayanmoni Saikia) ৷ নয়নমণিৰ জন্মস্থান গোলাঘাট জিলাত হোৱাৰ বাবে কাজিৰঙাক লৈ তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰে ৷ লগতে কাজিৰঙাৰ সুৰক্ষাৰ বাবে দিনে ৰাতিয়ে কষ্ট স্বীকাৰ কৰা বন বিষয়া-বনকৰ্মীসকলৰো তেঁও শলাগ লয় ৷
ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ DFO ৰমেশ কুমাৰ গগৈয়ে কয় যে নয়নমণি শইকীয়া বন বিভাগৰ বাবে গৌৰৱ ৷ যিহেতু নয়নমণিও এগৰাকী বন বিভাগৰ বন সুৰক্ষা বাহিনীৰ কৰ্মচাৰী ৷ নিজা কৰ্তব্য আৰু দায়িত্বৰ মাজতো খেলৰ জৰিয়তে সোণৰ পদক লাভ কৰাত বন বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰী আজি গৌৰৱান্বিত বুলি মন্তব্য প্ৰকাশ কৰে গগৈয়ে ৷
লগতে পঢ়ক: তথ্য প্ৰযুক্তিৰ দিশত ৰাজ্যখন কিমান দূৰ আগুৱাই গৈছে তাৰ বুজ ল'লে মন্ত্রী কেশৱ মহন্তই