ETV Bharat / state

দেৰগাঁও আৰক্ষীৰ অভিযানত জব্দ দুখন কয়লাভৰ্তি ট্ৰাক

author img

By

Published : Jun 19, 2021, 2:22 PM IST

দেৰগাঁও আৰক্ষী (Dergaon Police)ৰ অভিযানত শুকুৰবাৰে নিশা দুখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰে । দেৰগাঁও আৰক্ষী (Dergaon Police)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি চোৰাং কয়লা সৰবৰাহ কৰা দুখন বাহন জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালক হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হয় ৷

Coal loaded truck seized by Dergaon police operation
দেৰগাঁও আৰক্ষীৰ অভিযানত জব্দ দুখন কয়লাভৰ্তি ট্ৰাক

গোলাঘাট, 19 জুন : বিভিন্ন অপৰাধসমূলক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চোৰাং কাৰ্যকলাপৰ বিৰুদ্ধে চলাইছে অভিযান ৷ ইয়াৰ সমান্তৰালকৈ দেৰগাঁৱতো শুকুৰবাৰে নিশা আৰক্ষীৰ এক অভিযানত দুখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী ৷

দেৰগাঁও আৰক্ষী (Dergaon Police)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈৰ নেতৃত্বত চোৰাং কয়লাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হয় ট্ৰাক দুখন ৷ জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি চোৰাং কয়লা সৰবৰাহ কৰা দুখন গাড়ী জব্দ কৰবলৈ দেৰগাঁও আৰক্ষী (Dergaon Police)য়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বেৰিকেট পাতি গাড়ী ৰখাবলৈ সংকেত দিছিল ৷ কিন্তু গাড়ীৰ চালকে আৰক্ষীৰ সংকেত নামানি বেৰিকেট ভাঙি আৰক্ষীক মহতিয়াই নিয়াৰ চেষ্টা কৰিছিল ৷

অৱশেষত দেৰগাঁও আৰক্ষী (Dergaon Police)য়ে ট্ৰাক কেইখনক খেদি খেদি দেৰগাঁৱৰ নিকতৱৰ্তী বাদুলিপাৰাত জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালক হেন্দিমেনক ধৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য মতে, AS15C-4898 আৰু AS01KC-1333 নম্বৰৰ কয়লাভৰ্তি ট্ৰাক দুখন নিমনাগড়ৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ৷

আনহাতে, দেৰগাঁও আৰক্ষী (Dergaon Police)য়ে দুয়োখন ট্ৰাক জব্দ কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, দেৰগাঁও আৰক্ষী (Dergaon Police)ৰ অভিযানত যোৱা ১৫ দিনৰ ভিতৰত ছখনকৈ অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে ১২ জন লোকক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । এতিয়া দেৰগাঁও আৰক্ষী (Dergaon Police) চোৰাং কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰু সষ্টম হৈ পৰিছে ৷

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.