ETV Bharat / state

Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত - গোলাঘাটৰ হিন্দী স্কুল ৰোড

হত্যাকাৰীক ফাঁচীৰ দাবীত নিশা উত্তপ্ত পৰিস্থিতি গোলাঘাটত ৷ গোলাঘাট সদৰ থানা ঘেৰাও প্ৰতিবাদকাৰীৰ ৷ সমগ্ৰ ঘটনা তদন্ত CID য়ে কৰিব বুলি কয় জিলাখনৰ আৰক্ষী অধীক্ষকে ৷

tripple murder case of Golaghat
হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট
author img

By

Published : Jul 25, 2023, 12:21 PM IST

ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ বক্তব্য

গোলাঘাট, 25 জুলাই : গোলাঘাটত সোমবাৰে সংঘটিত হোৱা চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত নিশাৰ ভাগত উত্তাল হৈ পৰে গোলাঘাট ৷ ইতিমধ্যে হত্যাকাণ্ডটোৰ তদন্তৰ দ্বায়িত্ব CID ক প্ৰদান কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । লগতে CID ৰ এটা তদন্তকাৰী দল গুৱাহাটীৰ পৰা গোলাঘাটত আহি উপস্থিত হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে ৷ ফৰেনচিকৰ এটা দল আৰু ডগ স্কোৱাডক লৈ ঘটনাৰ তদন্ত চলোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে ।

পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে ৷ আনহাতে এই ঘটনাৰ সৈতে জড়িত তথা ইতিমধ্যে আত্মসৰ্মপণ কৰা নাজিবুৰৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ৷ লগতে, গোলাঘাট সদৰ থানা ঘেৰাও কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, গোলাঘাটৰ হিন্দী স্কুল ৰোডত তথা নগৰৰ মাজমজিয়াত সোমবাৰে আবেলি ভাগত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো । একেটা পৰিয়ালৰে 3 গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰাৰ কথা নিজমুখে আৰক্ষীৰ আগত স্বীকাৰ কৰে নাজিবুৰ ৰহমানে । ঘৰৰ মজিয়াত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষৰ মৃতদেহ ।

মৃত লোককেইজন সম্পৰ্কত পিতৃ-মাতৃ আৰু কন্যা । আৰক্ষী আধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, সঞ্জীৱ ঘোষ আৰু জুনু ঘোষৰ কন্যা সংঘমিত্ৰা ঘোষৰ আত্মসৰ্মপণকাৰী নাজিবুৰৰ সৈতে আছিল প্ৰেমজনিত সম্পৰ্ক ৷ ইয়াৰ পিচতেই দুয়ো ঘৰৰ পৰা 2020 বৰ্ষত পলাই গৈছিল আৰু আৰক্ষীয়ে পশ্চিমবংগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বুলিও জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে উক্ত ঘটনাৰ বাবে বৰ জীয়ৰীৰ প্ৰেমিক নাজিবুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও কন্যা সংঘামিত্ৰাই নিজ ইচ্ছামতে তথা দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা আৰক্ষীৰ আগত অৱগত কৰিছিল ৷

পৰৱৰ্তী সময়ত সংঘামিত্ৰা আৰু নাজিবুৰৰ মাজত গাৰ্হস্থ্য হিংসাই দেখা দিয়াত সংঘমিত্ৰাই তেওঁলোকৰ নমহীয়া সন্তানটিক লৈ পিতৃগৃহত থাকিবলৈ লয় । এনেবোৰ কাৰণতেই নাজিবুৰে এনে কাণ্ড সংঘটিত কৰিলে বুলি আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সংঘটিত কৰিয়েই নাজিবুৰে নমহীয়া সন্তানটিক লগত লৈ যায় আৰু সোমবাৰৰ সন্ধিয়া গোলাঘাট সদৰ থানাত আত্মসমৰ্পণ কৰে ।

লগতে পঢ়ক : Golaghat Triple Murder case : একে পৰিয়ালৰ তিনিজনক দাৰে ঘপিয়াই হত্যা, অভিযুক্তৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.