ETV Bharat / state

জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 7, 2020, 1:52 PM IST

গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ । চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

Chutiya Student Union protest in Goalghat
জনজাতিকৰণৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট, 7 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ ত্ৰাসৰ মাজতে সোমবাৰে গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত নগৰৰ বেজবৰুৱা চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ পূৰ্বে বাৰে-বাৰে চৰকাৰে চুতীয়া জনগোষ্ঠীকটোক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নিৰ্বাচনৰ পিচত প্ৰতিশ্ৰুতি ভংগ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ অতিশীঘ্ৰে চুতীয়া জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে অন্যথা ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : এন এইছ পি চিৰ ট্ৰাক আৱদ্ধ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.