ETV Bharat / state

দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Aug 18, 2021, 11:45 AM IST

গোলাঘাট জিলাৰ বাবে এটা ঐতিহাসিক দিন । আজি বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্য গোলাঘাটলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷

chief-minister-himanta-biswa-sarma-to-arrive-in-golaghat-with-day-long-programme-etv-bharat-assam-news
দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গোলাঘাট, 18 আগষ্ট : বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উজনি অসমৰ অন্যতম ধৰ্মীয় পীঠস্থান গোলাঘাটৰ শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে ভগৱানৰ শ্ৰীচৰণত সেৱা লব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্তাৰযোগে উপস্থিত হ'ব আঠখেলীয়া নামঘৰৰ চৌহদত ৷ বুধবাৰৰ পৰা বলৱৎ হোৱা নতুন SOP অনুসৰি 50 শতাংশ ভক্তৰ বাবে খোলা হৈছে ৰাজ্যৰ ধৰ্মীয় স্থানসমূহ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্য উপস্থিত হ'ব গোলাঘাটত । বিত্ত মন্ত্ৰী অজন্তা নেওগৰ মতে, মুখ্যমন্ত্ৰীৰ গোলাঘাটলৈ আগমন জিলাবাসীৰ বাবে এটা ঐতিহাসিক দিন । কাৰ্যসূচী অনুযায়ী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পোনতে উপস্থিত হ’ব শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত । নামঘৰত সেৱা লোৱাৰ পাছত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল-মাখল গোলাঘাট

তাৰ পাছতেই বৰুৱাগাঁৱলৈ ৰাওনা হ’ব তেওঁ । বৰুৱাগাঁৱৰ পৰা বীৰাংগনা সাধনী কলাক্ষেত্ৰলৈ গৈ দিনৰ প্ৰায় 12 বজাত সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব । প্ৰতিমূৰ্তি উন্মোচন কৰি কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকী । দিনৰ 1 বজাত গোলাঘাট জিলাৰ বিজেপিৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় মুকলি কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত স্থাপন হ'বলগীয়া সতী সাধনী বিশ্ববিদ্যালয় আৰু গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত স্থানো পৰিদৰ্শন কৰিব ।

লগতে পঢ়ক: পুনৰ আজিৰে পৰা মুকলি মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.