বোকাখাত, ২৪ ছেপ্টেম্বৰ : গোলাঘাটৰ বোকাখাত নাট্যমন্দিৰত শুকুৰবাৰে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ (Chief Minister Samagra Gramya Unnayan Yojana) অধীনত বোকাখাত সমষ্টিৰ ৪৫০ টা আত্মসহায়ক গোটক (Self-help Group) ১০ কোটি ৩৭ লাখ টকাৰ চেক প্ৰদান কৰা হয় । আত্মসহায়ক গোটসমূহক গৰু, গাহৰি, ছাগলী আদি পালন কৰি স্বাৱলম্বী হ'বলৈ এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে চৰকাৰে ।
বোকাখাত নাট্যমন্দিৰত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা (Atul Bora) । মন্ত্ৰী অতুল বৰাই আত্মসহায়ক গোটসমূহৰ হিতাধিকাৰীসকলক এক আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে । লক্ষণীয়ভাৱে গোটসমূহৰ ভিতৰত বিশেষভাৱে সক্ষম ব্যক্তিৰে গঠিত আত্মসহায়ক গোটো আছিল ।
চেক প্ৰদান কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালিকা ইন্দিৰা কলিতা আৰু কেইবাগৰাকীয়ো শীৰ্ষ বিষয়া উপস্থিত থাকে । চৰকাৰৰ এই পদক্ষেপক লৈ যথেষ্ট আনন্দিত আত্মসহায়ক গোটসমূহ ।
অনুষ্ঠানত হিতাধিকাৰী আত্মসহায়ক গোটসমূহৰ উপৰিও সমষ্টিটোৰ বহু সংখ্যক লোক উপস্থিত থাকে । ইফালে চেক প্ৰদান অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে ভাষণ প্ৰদান কৰে । লগতে গ্ৰাম্য সমাজৰ বাবে বিজেপি মিত্ৰজোঁট চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে ।
লগতে পঢ়ক :গাহৰি মাংস বিক্ৰিত নিষেধাজ্ঞা : ডিফুত গাহৰি বিক্ৰেতাৰ মাজত হাহাকাৰ