ETV Bharat / state

Assam Orunodoi Scheme2: ৰাজ্যৰ অৰুণোদয় আঁচনিত ব্যাপক সংশোধন, কোন কোন অন্তৰ্ভুক্ত হ’ব হিতাধিকাৰীৰ তালিকাত ? - Orunodoi Scheme

ৰাজ্যৰ অৰুণোদয় আঁচনিত ব্যাপক সংশোধন ৷ এতিয়াৰে পৰা হিতাধিকাৰীৰ তালিকাত নতুনকৈ সংযোগ হ’ব 10 লাখ 54 হাজাৰ পৰিয়াল ৷ মানৱ সৰবৰাহকাৰীৰ(human trafficking)কৱলৰ পৰা উদ্ধাৰ কৰা সকলো এতিয়াৰে পৰা অন্তৰ্ভুক্ত হ’ব অৰুণোদয় আঁচনিত ৷

Assam Orunodoi Scheme2
কোন কোন অন্তৰ্ভুক্ত হ’ব হিতাধিকাৰীৰ তালিকাত ?
author img

By

Published : Dec 14, 2022, 6:49 PM IST

কোন কোন অন্তৰ্ভুক্ত হ’ব হিতাধিকাৰীৰ তালিকাত ?

গোলাঘাট, 14 নবেম্বৰ: আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল অৰুণোদয় আঁচনি 2(Assam Orunodoi Scheme2) ৷ দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himant Biswa Sarma) ভাৰ্চুৱেলী শুভাৰম্ভ কৰে এই আঁচনিৰ ৷ উল্লেখ্য যে, অৰুণোদয় আঁচনিত 2 ত ঘটোৱা হৈছে ব্যাপক সংশোধনী ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে বান্ধি দিয়া হৈছে কেতবোৰ নতুন নীতি-নিয়ম(Criteria of Orunodoi beneficiary) ৷ গোলাঘাটত এই কথা ঘোষণা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ(Minister Ajanta Neog) ৷

এতিয়াৰে পৰা হিতাধিকাৰীৰ তালিকাত নতুনকৈ সংযোগ হ’ব 10 লাখ 54 হাজাৰ পৰিয়াল ৷ আনহাতে, 20 লাখ হিতাধিকাৰীক লৈ ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আৰম্ভ কৰিছিল এই আঁচনি ৷ মৃত্যু বা বিভিন্ন কাৰণত কৰ্তন হৈছিল 2 লাখ 75 হাজাৰ হিতাধিকাৰীৰ নাম ৷ কিন্তু এতিয়াৰে পৰা বিধবা(Widow), বিবাহ বিচ্ছেদ হোৱা বা সুকীয়াকৈ থকা মহিলাৰ উপৰিও দান-বৰঙণি লৈ জীৱন নিৰ্বাহ কৰা মহিলা, দিব্যাংগ(Physically handicapped) আৰু তৃতীয় লিংগৰ(Transgender) লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷

জটিল ৰোগত আক্ৰান্ত ব্যক্তি থকা পৰিয়ালৰ ক্ষেত্ৰত এতিয়াৰে পৰা আঁচনিৰ ধন লাভ কৰিবলৈ কোনো বয়সৰ সীমা নাথাকে বুলিও ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ ৷ পকী ঘৰ নথকা পৰিয়াল, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৃদ্ধাশ্ৰমৰ পুৰুষেও এতিয়াৰে লাভ কৰিব এই আঁচনিৰ ধন ৷

মানৱ সৰবৰাহকাৰীৰ(human trafficking)কবলৰ পৰা উদ্ধাৰ কৰা সকলো অৰুণোদয় আঁচনিত( Orunodoi Scheme) অন্তৰ্ভুক্ত হ’ব কেৱল সিমানেই নহয়, ঘৰত দুচকীয়া বাহন বা ফ্ৰীজ থালিকেও লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন ৷ সংবাদমেল যোগে এই কথা সদৰি বিত্ত মন্ত্ৰীগৰাকীৰ ৷

ইফালে, অৰুণোদয় আঁচনি 2 সন্দৰ্ভত নলবাৰীত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই(Minister Jayanta Malla Baruah) কয় যে, ‘‘বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি ৷ প্ৰথম পৰ্যায়ত 27লাখ মহিলাক আৰু দ্বিতীয় পৰ্যায়ত 35লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ’ব এই আঁচনিত ৷’’

লগতে পঢ়ক: Minister Pijush Hazarika : দুখীয়া শব্দৰ বিলুপ্তি ঘটাবলৈ অৰুণোদয় আঁচনিৰ প্ৰণয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.