ETV Bharat / state

লাভলীনাক পকীপথ উপহাৰ দিলে বিধায়ক বিশ্বজিত ফুকনে - লোক নিৰ্মাণ বিভাগ

ইতিহাস ৰচিলে অসম কন্যা লাভলীনাই ৷ সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু লোক নিৰ্মাণ বিভাগে যুটীয়া প্ৰচেষ্টাৰে লাভলীনাক উপহাৰস্বৰূপে গাঁৱলৈ যোৱা পকীকৰণৰ ব্যৱস্থা কৰে ৷ সেই অনুসৰি দেওবাৰৰ পৰা আৰম্ভ হৈছে পথচোৱাৰ নিৰ্মাণকাৰ্য ৷

boxer-lovlina-borgohain-home-road-making-etv-bharat-assam
লাভলীনাক পকীপথ উপহাৰ দিলে বিধায়ক বিশ্বজিত ফুকনে
author img

By

Published : Aug 1, 2021, 8:31 PM IST

Updated : Aug 2, 2021, 12:13 PM IST

সৰুপথাৰ, 1 আগষ্ট : টকিঅ’ অলিম্পিকত নিজৰ প্ৰদৰ্শনেৰে জিলিকিছে অসম কন্যা লাভলীনা বৰগোঁহাই ৷ লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতেই বিশেষভাৱে চৰ্চা লাভ কৰিছিল খেলুৱৈগৰাকীৰ গাঁৱলৈ যোৱা বিধস্ত পথটোৱে ৷ কিন্তু শেহতীয়াকৈ আৰম্ভ হৈছে লাভলীনাৰ গাঁৱলৈ যোৱা পথটোৰ নিৰ্মাণৰ কাম ৷ পথ নিৰ্মাণৰ বাবে সষ্টম হৈ উঠিছে লোক নিৰ্মাণ বিভাগ ৷

লাভলীনাৰ ঘৰৰ পৰা প্ৰায় দুই কিল’মিটাৰ পথ বোকা গচকি যোৱাৰ পিছতহে পকীপথত ভৰি দিব পৰা যায় । এই বিধস্ত পথেৰেই দহটা বছৰ বোকা গচকি প্ৰশিক্ষণ আৰু অনুশীলন অব্যাহত ৰখা লাভলীনাই সমগ্ৰ দেশৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ । লাভলীনাৰ বিজয়ৰ পাছতে বিশেষকৈ এই পথছোৱাই দখল কৰিছিল বাতৰিৰ শিৰোনাম আৰু সেই বাতৰিৰ পিছতে দেওবাৰৰ পৰা এই পথচোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ৷

লাভলীনাক পকীপথ উপহাৰ দিলে বিধায়ক বিশ্বজিত ফুকনে

সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু লোক নিৰ্মাণ বিভাগে যুটীয়া প্ৰচেষ্টাৰে লাভলীনাক উপহাৰস্বৰূপে গাঁৱলৈ যোৱা পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰা হয় ৷ লাভলীনাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে বিধায়কগৰাকী । লগতে টকিঅ' অলিম্পিকত সোণসেৰীয়া যাত্ৰাৰে সোণৰ পদক লৈ ঘৰলৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক ফুকনে ।

দুৰ্বাৰ ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ ফলত টকিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি মহিলা বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে । গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়াৰ দৰে এখন সৰু গাঁৱৰ পৰা গৈ টকিঅ' অলিম্পিকত বক্সিং ৰিঙত জয় যাত্ৰা অব্যাহত ৰাখিছে লাভলীনাই । অহা 4 আগষ্টত তুৰস্কৰ বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা ।

লগতে পঢ়ক : Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলেৰে ইতিহাস ৰচিলে পি ভি সিন্ধুৱে

Last Updated : Aug 2, 2021, 12:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.