ETV Bharat / state

শিক্ষক দিৱসৰ দিনাই বোকাখাতত শিক্ষক বিচাৰি অভিনৱ প্ৰতিবাদ - Shortage of teachers at Bokakhat

প্ৰৱিত্ৰ শিক্ষক দিৱসৰ দিনাই শিক্ষক বিচাৰি প্ৰতিবাদত নামিল অভিভাৱক, মাতৃগোটৰ লগতে চাত্ৰ-ছাত্ৰী ৷ কণকণ শিক্ষাৰ্থীয়েও শিক্ষক বিচাৰি মুখ্যমন্ত্ৰীলৈ জনালে আহ্বান (Students demands teacher at Bokakhat) ৷

Students demands teacher at Bokakhat
শিক্ষক দিৱসৰ দিনাই বোকাখাতত শিক্ষক বিচাৰি অভিনৱ প্ৰতিবাদ
author img

By

Published : Sep 5, 2022, 7:31 PM IST

বোকাখাত, 5 ছেপ্টম্বৰ: পবিত্ৰ শিক্ষক দিৱসৰ দিনা(Teachers Day 2022) বোকাখাতৰ এখন বিদ্যালয়ত শিক্ষক বিচাৰি অভিনৱ প্ৰতিবাদ ৷ বোকাখাতৰ ৰজাবাৰী গাৰোপাৰা নেপালীখুটি প্ৰাথমিক বিদ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী ৷ বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, মাতৃগোটে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest demanding teacher at Bokakhat)৷

বিদ্যালয়ৰ সহ শিক্ষক নিতুল গগৈক মৌখিক নিৰ্দেশত 2013 চনতেই অন্য এখন বিদ্যালয়লৈ বদলি কৰি নিয়ে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই ৷ যোৱা 10 বছৰে অন্য বিদ্যালয়ত পাঠদান কৰি দৰমহা লাভ কৰি আছে শিক্ষকগৰাকীয়ে ৷ সেয়েহে পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে প্ৰতিবাদত নামিল বোকাখাত গাৰোপাৰা নেপালীখুটি প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু মাতৃগোট ৷ 2013 চনৰ 29 জুনত সহ-শিক্ষক হিচাবে যোগদান কৰিছিল নিতুল গগৈ নামৰ শিক্ষকগৰাকীয়ে ৷

মাত্ৰ চাৰিদিন পাঠদান কৰাৰ পাছত 4 আগষ্টত খণ্ড প্ৰাথমিক বিষয়াৰ মৌখিক নিৰ্দেশত কেইদিনমানৰ বাবে পাঠদান কৰিবলৈ বদলি কৰি নিয়ে ৷ কিন্তু যোৱা 10 বছৰে পূৰ্বৰ বিদ্যালয়লৈ ঘূৰি নাহিল শিক্ষকগৰাকী ৷ তিনিজনীয়া শিক্ষকৰ এজন গুচি যোৱাৰ পাছত 2021 চনৰ 31 ডিচেম্বৰত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে অৱসৰ লোৱাৰ পাছত 84 জন ছাত্ৰ-ছাত্ৰীক কেৱল ডেইজী ৰাজখোৱা দত্তই পাঠদান কৰি আহিছে (Lack of teacher at Bokakhat)৷

শিক্ষক দিৱসৰ দিনাই বোকাখাতত শিক্ষক বিচাৰি অভিনৱ প্ৰতিবাদ

ইফালে মৌখিক নিৰ্দেশযোগে বদলি কৰি নিয়া নিতুল গগৈয়ে যোৱা 10 বছৰে অন্য বিদ্যালয়ত পাঠদান কৰি আছে যদিও দৰমহা লৈ আছে গাৰোপাৰা নেপালীখুটি প্ৰাথমিক বিদ্যালয়ৰ পৰা (Teachers transference at Bokakhat) ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষকজনক ওভতাই বিচাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক আবেদন জনাই আহিছে যদিও সুফল পোৱা নাই ৷ যাৰ বাবে বিদ্যালয়খনত এজনীয়া শিক্ষকে পাঠদান কৰি থাকিবলগীয়া হোৱাত অসুবিধাৰ সৃষ্টি হৈছে (Shortage of teachers at Bokakhat) ৷

যাৰ বাবে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত নামিল বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু মাতৃগোটৰ সদস্যাসকল ৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলেও পাঠগ্ৰহণত অসুবিধা লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ ওচৰত শিক্ষক বিচাৰি কাতৰ আহ্বান জনাইছে (Student demands teacher at Bokakhat)৷

লগতে পঢ়ক: বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.