বোকাখাট, ২৪ মাৰ্চ : বোকাখাতত নৃশংসহত্যাকাণ্ড । কনিষ্ঠ ভাতৃয়ে হত্যা কৰিলে নিজ জেষ্ঠ ভাতৃক । শুকুৰবাৰে বোকাখাটৰ যুগলআটিত সংঘটিত হয় এই ঘটনা । প্ৰকাশিত তথ্য অনুসৰি,সুৰামত্তঅৱস্থাত হিতাহিত জ্ঞান হেৰুৱাই ৰাজেশ ওৰাং নামৰ যুৱকজনে জেষ্ঠ ভাতৃ ভায়া ওৰাঙক কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰে । হত্যাকাৰীৰাজেশৰ ভাষ্য অনুসৰি সুৰামত্তহৈ ভায়া ওৰাঙে নিশা তেওঁলোকৰ ঘৰলৈ আহি মাৰপিট আৰম্ভ কৰিছিল । যাৰ বাবে ৰাজেশে ভায়াক হত্যা কৰিবলৈ বাধ্য হয় ।
ইতিমধ্যেঘটনা সন্দৰ্ভত শনিবাৰে বোকাখাত আৰক্ষীয়ে 78/19 নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৰাজেশৰ লগতে পিতৃ মানা ওৰাঙক ।