ETV Bharat / state

তিনিদিনৰ বাবে বন্ধ হ’ল বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় - তিনিদিনৰ বাবে বন্ধ হ’ল বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়

বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ক’ভিড-19 ৰ আতংক ৷ তিনি দিনৰ বাবে চিকিৎসালখনত নতুন পঞ্জীয়ন বন্ধ কৰাৰ সিদ্ধান্ত মহকুমা স্বাস্থ্য বিভাগৰ ৷

তিনিদিনৰ বাবে বন্ধ হ’ল বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়

author img

By

Published : Sep 12, 2020, 10:58 PM IST

গোলাঘাট, 12 ছেপ্তেম্বৰ : হঠাৎ ৰোগী শূণ্য হৈ পৰিল বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় ৷ সকলো সময়তে ৰোগী আৰু চিকিৎসকৰে গিজগিজাই থকা চিকিৎসালয়খনৰ পৰা নাইকিয়া হ'ল ৰোগী । কাৰণ বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত এতিয়া ক’ভিডৰ আতংক ৷ যাৰ বাবে মহকুমা স্বাস্থ্য বিষয়াই অহা তিনিদিনৰ বাবে চিকিৎসালয়খন সাধাৰণ ৰোগীৰ বাবে বন্ধ ৰখাৰ ঘোষণা কৰে ৷

বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত বন্ধ নতুন পঞ্জীয়ণ

ইতিমধ্যে চিকিৎসালয়খনৰ পৰা সকলো ৰোগীক অব্যাহতি দি নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে মহকুমা চিকিৎসা বিষয়াই ৷ এই ক্ষেত্ৰত গৰ্ভৱতী মহিলাও বাদ পৰি ৰোৱা নাই ৷ কাৰণ চিকিৎসালয়খনৰ ডা: অজিত দলৈ, এক্সৰে অপাৰেটৰ ৰমেন গগৈ, ৱাৰ্ড বয় দিলীপ শৰ্মা, চালক বিপিন তাঁতী, MPW বিকাশ বৰা, BPM দিবাকৰ হাতীবৰুৱা, 5 গৰাকী নাৰ্চ সহ 11 গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৷ যাৰ বাবে চিকিৎসালয়খনত চিকিৎসকৰ লগতে স্বাস্থ্য কৰ্মীৰ যথেষ্ট অভাৱ ঘটিছে ।

বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়

সেয়েহে চিকিৎসালয়খনত অহা তিনিদিনৰ বাবে নতুন পঞ্জীয়ন বন্ধ কৰি দিছে মহকুমা চিকিৎসা বিষয়াই । অৱশ্যে জৰুৰীকালীন সেৱাৰ লগতে বহিঃবিভাগৰ সেৱা সামান্য ভাৱে চলি থাকিব বুলি জানিবলৈ দিয়ে ৷

অৱশ্যে এই সময়ছোৱাত অতন্ত্য প্ৰয়োজন নহ'লে সাধাৰণ ৰোগীক চিকিৎসালয়লৈ নাহিবৰ বাবেও আহ্বান জনাই বিষয়াগৰাকীয়ে ৷

লগতে চাওক-বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.