ETV Bharat / state

অসম জ্বলাবলৈ তৎপৰ হৈছে বিজেপি বিধায়ক মৃণাল শইকীয়া !

যি সময়ত অসমীয়া ৰাইজে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে তেনে সময়তে খুমটাই সমষ্টিৰ বিধায়কগৰাকীৰ এনেধৰণৰ উচটনীমূলক মন্তব্যই আৰু কি সূচাইছে ৷ ইপিনে, শান্তি আৰু বিৰামহীন প্ৰগতিৰ বাবে বিজেপি দলে জিলাই জিলাই শান্তি সমদল অব্যাহত ৰখাৰ সময়তে এইগৰাকী বিধায়কৰ উচটনীমূলক মন্তব্যই শান্তি সমদলক যেন একপ্ৰকাৰে মূল্যহীন কৰি পেলাইছে ৷

author img

By

Published : Dec 27, 2019, 7:11 PM IST

MRINAL SAIKIA CONTROVERSIAL COMMENT
বিধায়ক মৃণাল শইকীয়াৰ উচটনিমূলক মন্তব্যঃ

গোলাঘাট, শিৱসাগৰ, 27 ডিচেম্বৰঃ "কোনোবাই যদি আপোনালোকৰ ঘৰ জ্বলাবলৈ আহে আপোনালোকেও জ্বলাব ৷ আমাৰ যদি এটা কৰ্মীৰ গাত হাত দিয়ে আপোনালকে 10টা কৰ্মীৰ ঘৰত হাত দিব ৷ কাৰণ আমাৰ হাতত এতিয়া শক্তি আছে ৷"- খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ মুখৰ ভাষা এয়া ৷ এখন দলীয় সভাত অংশগ্ৰহণ কৰি এইদৰে উচটনীমূলক মন্তব্য কৰিলে বিধায়কগৰাকীয়ে ৷

বিধায়ক মৃণাল শইকীয়াৰ উচটনিমূলক মন্তব্য

যি সময়ত অসমীয়া ৰাইজে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু শান্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে তেনে সময়তে খুমটাই সমষ্টিৰ বিধায়কগৰাকীৰ এনেধৰণৰ উচটনীমূলক মন্তব্যই আৰু কি সূচাইছে ! ইপিনে, শান্তি আৰু বিৰামহীন প্ৰগতিৰ বাবে বিজেপি দলে জিলাই জিলাই শান্তি সমদল অব্যাহত ৰখাৰ সময়তে এইগৰাকী বিধায়কৰ উচটনীমূলক মন্তব্যই বিজেপিৰো শান্তি সমদলক যেন উপলুঙা কৰিলে ৷

ইপিনে বিধায়কগৰাকীৰ এনেধৰণৰ উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন৷ ইতিমধ্যে বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবী তুলি উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে গোলাঘাট জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ একেদৰে, উচতনিমূলক মন্তব্য কৰাৰ অপৰাধত বিধায়কগৰাকীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতিয়ে ৷

বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে দল-সংগঠনৰ গোচৰ

Intro:Body:খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ ভাষণConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.