গোলাঘাট,14 মাৰ্চ: গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰি চাহ বাগিচাত দেওবাৰে বিজেপি দলৰ নিৰ্বাচনী সভাত হতাহতিৰ সৃষ্টি হয় । বিজেপি আৰু আটছাৰ সমৰ্থকৰ মাজত সৃষ্টি হয় এই হতাহতিৰ । জামুগুৰি বাগানত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ সন্মুখতে বিজেপি আৰু আটছাৰ মাজত এই হতাহতি সৃষ্টি হয় ।
২০১৬ চনৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে বিজেপি প্ৰাৰ্থীগৰাকীক আটছাই জবাবদিহি কৰিবলৈ যাওঁতে এই ঘটনাৰ সূত্ৰপাত হয় । এই ঘটনাৰ পিছতেই অজন্তা নেওগে সমৰ্থক সহিতে ত্যাগ কৰে নিৰ্বাচনী সভা ।
লগতে পঢ়ক: অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা অগপ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ