সৰুপথাৰ, 31 মে’ : বিগত দুমাহ ধৰি অসমবাসীয়ে ক‘ভিডৰ বাবে পুনৰ গভীৰ সংকটৰ মাজেৰে দিন কটাইছে । কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷
![Bilgaon Chutiya Student union Mask distribution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/bilgaonchutiyastudentunionmaskdistribution-imag2-asc10084_30052021190001_3005f_1622381401_1083.jpg)
আনহাতে, জনসাধাৰণে চৰকাৰী নিৰ্দেশনা পালন কৰি সকলো গৃহতে আৱদ্ধ হৈ আছে । ইয়াৰ মাজতে বিলগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ।
এনে সংকটপূৰ্ণ পৰিস্থিতিত বিলগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাক্স বিতৰণ কাৰ্যসূচী হাতত লৈ গাঁৱৰ ৰাইজক মাস্ক বিতৰণ কৰা হয় । বিলগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ এনে পদক্ষেপক সকলোৱে শলাগিছে ।
লগতে পঢ়ক : কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে