ETV Bharat / state

Protest in Golaghat: বহুকেইটা দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ - অসম চাহ নিগম লিমিটেড

চাহ শ্ৰমিকৰ মৌলিক সমস্যাসমূহ সমাধানৰ দাবীত গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘই তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Bharatiya Tea Mazdoor Sangha protest) ৷ চৰকাৰক অতিশীঘ্ৰেই দাবীসমূহ পূৰণ কৰিব আহ্বান জনায় প্ৰতিবাদকাৰীসকলে (Protest in Golaghat)৷

Bharatiya Tea Mazdoor Sangha protest in Golaghat
বহুকেইটা দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ
author img

By

Published : Mar 29, 2023, 5:04 PM IST

বহুকেইটা দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

গোলাঘাট, 29 মাৰ্চ: গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ তীব্ৰ প্ৰতিবাদ (Protest in Golaghat)৷ বুধবাৰে গোলাঘাট নগৰৰ ত্ৰিমূৰ্তিক্ষেত্ৰত ভাৰতীয় চাহ মজদুৰ সংঘ, গোলাঘাট শাখাই চাহ শ্ৰমিকৰ মৌলিক সমস্যাসমূহ সমাধানৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Bharatiya Tea Mazdoor Sangha protest) ৷ সংগঠনটোৱে দাবী কৰে যে ৰাজনৈতিক মুনাফা আদায়াৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ উন্নয়নৰ অবিহনে অসমৰ উন্নয়ন হব নোৱাৰে বুলি অসম চৰকাৰে বাৰে বাৰে কৈ আহিছে যদিও চাহ শ্ৰমিকসকলে মৌলিক অধিকাৰসমূহৰ পৰাও অৱহেলিত হৈ আহিছে (Bharatiya Tea Mazdoor Sangha protest in Golaghat) ৷

ভাৰতীয় নাগৰিক হিচাপে চাহ বাগিচা অঞ্চলত বসবাস কৰা শ্ৰমিকসকলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ভাৰতৰ সংবিধানে যিবোৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেই মৌলিক অধিকাৰসমূহৰ পৰা চাহ বাগিচাৰ মজদুৰসকল সদায় বঞ্চিত হৈ আহিছে (Protesters slams govt)। বিশেষকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ ক্ষেত্ৰতে হওক অথবা চাহ মজদুৰ থকা ঘৰৰ ভেটিটোৰ পট্টা দিয়াৰ ক্ষেত্ৰতে হওঁক সকলোতে কেৱল ৰাজ্য চৰকাৰখনে চাহ মজদুৰ সকলক বঞ্চিত কৰি অহাৰ অভিযোগ কৰিছে প্ৰতিবাদীকাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলে কয় যে , এতিয়া অসমৰ চাহ শ্ৰমিকে বাকী আৰু ফাঁকিৰ কথাটো বুজি পোৱা হ’ল ৷ নিৰ্বাচন আহিলেই প্ৰতিটো ৰাজনৈতিক দলে আমাৰ ওচৰত বিভিন্ন প্ৰতিশ্ৰুতি লৈ আহে ৷ আমাক শ্ৰমিক আইন সংশোধন কৰা, চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে ৷ 2022 চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ এক বৈঠক অনুষ্ঠিত হৈছিল ৷

য’ত মুখ্যমন্ত্ৰীগৰাকীয়ে 2023 চনৰ জানুৱাৰী শ্ৰমিকসকলক এটা কিস্তিত ধন প্ৰদান কৰাৰ লগতে, মাৰ্চ আৰু আগষ্ট মাহতো এটা এটা কিস্তিত ধন প্ৰদান কৰা হ’ব বুলি আশ্বাস দিছিল ৷ কিন্তু আজিলৈ আমি এটাও কিস্তি নাপালো ৷ মুখ্যমন্ত্ৰীয়ে বিচাৰিলে সকলো কৰিব পাৰে ৷ এইখন চৰকাৰ ভঙা পতাত আমাৰ আদিবাসী লোসকলৰ মুখ্য ভূমিকা আছে ৷ গতিকে আমাৰ দাবী যদি পালন নকৰে তেনেহ’লে আমি এই চাহ বাগিচাত নতুন মালিকক প্ৰৱেশ কৰিবলৈ নিদিওঁ ৷

ইয়াৰ লগতে কয় যে ৰূপেশ গোৱালাই চাহ শ্ৰমিকসকলৰ হৈ ৰাজনীতি কৰি এতিয়া গাদী দখল কৰি সদনত নিমাতী কন্যাৰ দৰে বহি আছে ৷ তেওঁ শ্ৰমিকসকলৰ কাৰণে মাত মতা নাই ৷

ইয়াৰোপৰি অসম চাহ নিগম লিমিটেডৰ শ্ৰমিকসকলৰ বকেয়া ধন সমূহ ১ কিস্তিত প্ৰদান কৰা আদিকে ধৰি শ্ৰমিকসকলৰ মৌলিক সমস্যাসমূহ সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে সংগঠনটোৱে এইসমূহ সমস্যা অতিশীঘ্ৰে সমাধান কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Assam Bihu Guinness book of world record: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈ উঠিছে টীয়কৰ নাচনীও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.