ETV Bharat / state

বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগে : আঙুৰলতা

author img

By

Published : Oct 6, 2019, 2:12 PM IST

Updated : Oct 6, 2019, 3:17 PM IST

গোলাঘাটত অনুস্থিত ভাৰত মাতা পূজন অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগে বুলি মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷

ভাৰত মাতা পূজন

গোলাঘাট, 6 অক্টোবৰ : গোলাঘাটত অনুস্থিত ভাৰত মাতা পূজন অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ ভাষণ প্ৰসংগত বিধায়িকাগৰাকীয়ে কয় যে, দেশত বহু অশুভ শক্তি আছে, এই দেশতে থাকি দেশৰে বায়ু-পানী খাইছে যদিও বেলেগ দেশৰ গুণ-গৰিমা গাই ফুৰে ৷ এই অশুভ শক্তিক চিনাক্ত কৰিবৰ সময় হ'ল বুলি মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷ এখন হিন্দু ৰাষ্ট্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত সকলো একত্ৰিত হ'বৰ সময় হ'ল বুলি ভাষণ প্ৰদান কৰে বিধায়িকাগৰাকীয়ে । সমাজত বৰ্তমানেও বহু সৎ ব্যক্তি আছে, এই সৎ ব্যক্তিসকল থকাৰ বাবেই অশুভ শক্তি দুৰ্বল হৈ আছে বুলি তেওঁ কয় ৷

ভাৰত মাতা পূজন অনুস্থানত আঙুৰলতা ডেকা

সমাজৰ কাৰণে মহিলাসকলৰো কৰিবলগীয়া বহু আছে সেয়েহে মহিলাসকল দূৰ্বল হ'লে নহ'ব বুলি মন্তব্য কৰে আংগুৰলতা ডেকাই ৷ নিজৰ উদাহৰণ দি বিধায়িকাগৰাকীয়ে কয় যে, "মই কেতিয়াও হেলিকপ্তাৰত উঠিবলৈ পাম বুলি ভবা নাছিলো, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত হেলিকপ্তাৰত উঠিবলৈ পালো ৷ হেলিকপ্তাৰত ওপৰৰ পৰা তললৈ চালে মানুহবোৰক একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ দেখি, একেবাৰে পৰুৱাটো সমান । গতিকে আমি কেতিয়াও নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিব নেপায় ।" সেয়ে সকলোৱে অহংকাৰ ত্যাগ কৰি বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ় দিয়াৰ বাবে সংকল্প ল'ব লাগে বুলি মন্তব্য কৰে বিধায়িকাগৰাকীয়ে । অসমবাসীক শাৰদীয় দূৰ্গোৎসৱৰ শুভেচ্ছা জনাই শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাই বিধায়িকাগৰাকীয়ে ৷

Intro:গোলাঘাটত নিশা বিধায়িকা আঙুৰলতা ডেকাৰ বিস্ফোৰণ । গোলাঘাটত অনুস্থিত ভাৰত মাতা পূজন অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰে বিধায়িকা আঙুৰলতা ডেকাই । তেওঁ কয় আমাৰ দেশত বহু অশুভ শক্তি আছে , এই ভাৰত বৰ্ষতে থাকিব, ভাৰত বৰ্ষৰে বায়ু পানী খাব আৰু বেলেগ দেশৰ গুণ গাব । এই সকল অশুভ শক্তিক চিনাক্ত কৰিবৰ সময় হল । এখন হিন্দু ৰাষ্ট্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত সকলো একত্ৰিত হবৰ হল বুলি ভাষণ প্ৰদান কৰে বিধায়িকা গৰাকীয়ে । তেওঁ আৰু কয় সমাজত আজিও বহু সৎ ব্যক্তি আছে ,এই সৎ ব্যক্তি সকল থকাৰ বাবেই অশুভ শক্তি দুৰ্বল হৈ আছে । সমাজৰ কাৰণে দেশৰ কাৰণে কৰিব লগীয়া বহু কাম আছে । সকলো একত্ৰিত হলেহে দেশখন আগুৱাই যাব । মহিলা সকলৰো কৰিব লগীয়া বহু আছে । মহিলা সকল দুৰ্বল বুলি কেতিয়াও কোনেও ভাবিব নেলাগে । নিজৰ উদাহৰণ দি বিধায়িকা আঙূৰলতা ডেকাই কয় " মই কেতিয়াও হেলিকপ্তাৰত উঠিবলৈ পাম বুলি ভবা নাছিলো, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত হেলিকপ্তাৰত উঠিবলৈ পালো । হেলিকপ্তাৰত ওপৰৰ পৰা তললৈ চালে মানুহ বোৰক একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ দেখি, একেবাৰে পৰুৱাটো সমান । গতিকে আমি কেতিয়াও নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিব নেপায় । " সেয়ে সকলোৱে অহংকাৰ ত্যাগ কৰি পুৰুষ মহিলা সকলোৱে বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ় দিয়াৰ বাবে সংকল্প লব লাগে । দেশৰ বাবে সেৱা কৰিব পাৰিলেই দেশপ্ৰেম কৰা । দেশপ্ৰেম কৰিবলৈ যুদ্ধ কৰি শ্বহীদ হব লাগিব বুলি কথা নাই কয় আঙুৰলতা ডেকাই । ইফালে অসম বাসীক শাৰদীয় দূৰ্গোৎসৱৰ শুভেচ্ছা জনাই শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহবান জনাই ।Body:Byte 1 : আঙুৰলতা ডেকাConclusion:গোলাঘাট পৰা চামিম আলি , etv bharat, অসম
Last Updated : Oct 6, 2019, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.