ETV Bharat / state

Bharat Jodo Yatra: হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকক পিকনিক আখ্যা ভূপেন বৰাৰ

author img

By

Published : Nov 29, 2022, 4:21 PM IST

যোৱা 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা মঙলবাৰে বোকাখাতত উপস্থিত হয় (Bharat Jodo Yatra at Bokakhat) ৷ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বোকাখাত ব্লক কংগ্ৰেছ আৰু টাউন ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ভাৰত জোড়ো যাত্ৰা আজি 29 দিনত উপনীত হৈছে ৷

Bharat Jodo Yatra at Bokakhat
Bharat Jodo Yatra: হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকক পিকনিক আখ্যা ভূপেন বৰাৰ

বোকাখাত, 29 নৱেম্বৰ: "আজি আমি উজনি অসমত ভৰি দিছোহি ৷ আজি আমাৰ 29 দিন হ’ল ভাৰত জোড়ো যাত্ৰা অসম অনুষ্ঠিত হোৱা ৷ আমাৰ এই যাত্ৰাৰ মূল লক্ষ্যই হৈছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতাৰ বিষবাষ্পক বিদায় দি আগন্তুক দিনত সম্প্ৰীতি আৰু প্ৰগতিৰ এখন অসম গঢ়াৰ ৷ বৰ্তমান কেবিনেট বৈঠকৰ নামৰ পিকনিকেই চলি আছে ৷ মাজুলীত দেখিছিলো নহয় পিকনিক খোৱা ৷

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকক পিকনিক আখ্যা ভূপেন বৰাৰ

তাৰ পিছত দলঙত কি হ’ল সকলোৱে দেখিছে ৷ মাজুলীত কি অৱস্থা হৈছে, চিকিৎসা নাই , লোক মৰিছে, প্ৰথম কেবিনেট মাজুলীতে হৈছিলে ৷ চৰকাৰে পিকনিক খাই আছে, মানুহ নাও ডুবি মৰি আছে, সীমান্তত মৰি আছে, গুৱাহাটীত ডকাইত-চোৰে মানুহ মাৰি আছে ৷" বোকাখাতত উপস্থিত হৈয়েই এই মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora slam cabinet meeting)৷

"আজি আমি বোকাখাতবাসী ৰাইজৰ মাজত যি উৎসাহ উল্লাস দেখা পাইছো এইটোৱেই প্ৰমান কৰে যে ভাৰত জোড়ো যাত্ৰা বোকাখাতৰ প্ৰতিগৰাকী নাগৰিকে অন্তৰৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছে ৷ আজি ইয়াত উপস্থিত হোৱা হাজাৰ হাজাৰ লোকৰ জনসমদলৰ বাবে মই বোকাখাতবাসী ৰাইজৰ ওচৰত শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ বিজেপি চৰকাৰক এইবাৰ জনসাধাৰণে পৰাজিত কৰিব ৷ বিজেপি চৰকাৰে ৰাইজৰ সমস্যাৰ সমাধান কৰি দিব পৰা নাই ৷" এইবাৰ বিজেপিক প্ৰতিহত কৰাৰ কথা দৃঢ়বিশ্বাসেৰে কয় সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi slams BJP) ৷

বিগত 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা মঙলবাৰে বোকাখাতত উপস্থিত হয় (Bharat Jodo Yatra at Bokakhat) ৷ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বোকাখাত ব্লক কংগ্ৰেছ আৰু টাউন ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ভাৰত জোড়ো যাত্ৰা আজি 29 দিনত উপনীত হৈছে ৷

বোকাখাতৰ কংগ্ৰেছ ভৱনৰ পৰা ৰজাবাৰীলৈ প্ৰায় ১০ কি:মি: সামৰি এই যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক বিস্মিতা গগৈ, বিধায়ক নুৰুল হুদা, এতোৱা মুণ্ডা, ৰকিবুল হুছেইন, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে আদি কৰি ৩০ গৰাকীৰো অধিক কংগ্ৰেছ নেতাই অংশ লয় (Bokakhat Bharat jodo yatra) ৷ বোকাখাতত এই কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বোকাখাত বিধানসভা সমষ্টিৰ ৩০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে ৷ অহা জানুৱাৰী মাহত শেষ হ’ব এই ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী ৷

লগতে পঢ়ক: Teacher Attacked by Students: মৰাণত ছাত্ৰৰ উদ্ভণ্ডালিত আহত অন্তঃসত্বা শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.