ETV Bharat / state

ভাৰত বচাও প্ৰতিবাদী কাৰ্যসূচীৰে মুখৰিত ৰাজ্য - নতুন ভূমি নীতি

সোমবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ ভাৰত বচাও নামেৰে গ্ৰহণ কৰা এই কাৰ্যসূচী ৰঙিয়া, নগাঁও আৰু গোলাঘাটত ৰূপায়ণ কৰি প্ৰতিবাদকাৰীসকলে পৰিৱেশ আইন ২০২০, নতুন ভূমি নীতিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

Bharat basao protest rangia nagaon golaghat assam etv bharat news
ভাৰত বচাও প্ৰতিবাদী কাৰ্যসূচীৰে মুখৰিত ৰাজ্য
author img

By

Published : Aug 10, 2020, 7:25 PM IST

ৰঙিয়া,10 আগষ্ট: ১৯৪২ চনৰ ৯ আগষ্টত জাতিৰ পিতা মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত ত্যাগ আন্দোলন ৷ উক্ত আন্দোলনৰ আঁত ধৰিয়ে ৰঙিয়াত সোমবাৰে চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাই গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ দল দুটাই ৰঙিয়াত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণ, পৰ্যাপ্ত বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ লগতে বানাক্ৰান্ত ৰিলিফ মেনুৱেল অনুসৰি সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদী দলটোৱে ৰঙিয়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল বাহিৰ কৰি চক্ৰ বিষয়াক প্ৰদান কৰে স্মাৰক পত্ৰ ৷ উল্লেখ্য যে, লক ডাউনৰ বাবে দেওবাৰে সৰ্বভাৰতীয় পৰ্যায়ত আন্দোলন হোৱাৰ পিছত ৰঙিয়াত সোমবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ আহে বামপন্থীসকল ৷

ভাৰত বচাও প্ৰতিবাদী কাৰ্যসূচীৰে মুখৰিত ৰাজ্য

নগাঁও: নগাঁৱতো নিখিল ভাৰত কৃষক সভা আৰু চিটুৰ উদ্যোগত ভাৰত বচাও আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ সোমবাৰে নগাঁও মহাবিদ্যালয় পইণ্টৰ ৰাজপথত সামাজিক দূৰত্ব মানি এই কাৰ্যসূচী গ্ৰহণ কৰা সংগঠনটোৱে প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিয়াৰ উপৰিও দৰিদ্ৰ পৰিয়ালক ছমাহৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী উত্থাপন কৰে চৰকাৰক ৷ ইয়াৰোপৰি দলটোৱে পৰিৱেশ আইন ২০২০, নতুন ভূমি নীতিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষকৰ কল্যাণৰ কথা কোৱা চৰকাৰে কৃষকৰ ওপৰত নতুন বোজা জাপি দিয়াৰ চেষ্টা চলোৱা বুলিও গুৰুতৰপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে

নিখিল ভাৰত কৃষক সভা আৰু চিটুৰ উদ্যোগত ভাৰত বচাও আন্দোলন কাৰ্যসূচী গ্ৰহণ

গোলাঘাট: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গোলাঘাটতো সোমবাৰৰ দিনটোত গ্ৰহণ কৰা হয় ভাৰত বচাও কাৰ্যসূচী ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে এই কাৰ্যসূচী গ্ৰহণেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কাৰ্যসূচী অনুসৰি চহৰখনৰ মাজেৰে প্ৰতিবাদকাৰীসকলে এক ৰেলী বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী দলটোৱে ৰাজ্যৰ স্বাস্থ্য সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু সাৰ্বজনীন কৰাৰ উপৰিও ৰে’ল, বিদ্যুৎ, তেল, কয়লা, প্ৰতিৰক্ষা আৰু বেংক সহিতে দেশৰ প্ৰায়বোৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ অভিযান বন্ধ কৰাৰ দাবী জনাই চৰকাৰক ৷ কৰ'ণা ভাইৰাছৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে উপাৰ্জনহীন হোৱা প্ৰতিগৰাকী ব্যক্তিক মাহে প্ৰায় ১০ কিল’গ্ৰামকৈ চাউলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ৷ লগতে কৰ্মহীন মটৰ পৰিবহণ শ্ৰমিকসহ অন্যান্য খণ্ডৰ শ্ৰমিকসকলক মাহিলি ৭,৫০০ টকাৰ সাহায্য প্ৰদান কৰাৰ উপৰিও পৰিৱেশ প্ৰভাৱ নিৰূপণ (EIA) ২০২০ বিধেয়ক বাতিল কৰিবলৈ সংগঠনটোৱে কেন্দ্ৰীয় তথা ৰাজ্যত শাসনাধীন বিজেপি চৰকাৰক আহ্বান জনাই দলটোৱে ৷

গোলাঘাটত সাব্যস্ত প্ৰতিবাদ

লগতে চাওকঃ বিধায়িকা আঙুৰলতা ডেকাক প্ৰত্যাহ্বান বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.