গোলাঘাট, 25 চেপ্তেম্বৰ: শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে ঘোষণা কৰা হয় ভাৰত বন্ধৰ ৷ কিন্তু ভাৰত বন্ধৰ আংশিক প্ৰভাৱহে দেখিবলৈ পোৱা গ'ল গোলাঘাটত ৷ কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট জিলা আমছুৱে ৷
গোলাঘাট জিলা আমছুৰ সভাপতি ইচাদ হুছেইনে উল্লেখ কৰা অনুসৰি,কৃষি বিধেয়ক খন গৃহীত কৰি বিজেপি চৰকাৰে মাধমাৰ শোধাইছে কৃষকৰ ওপৰত ৷ তেওঁৰ অভিযোগ তেওঁলোকে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত কাম কৰিছে চৰকাৰখনে ৷ শুকুৰবাৰে হোৱা ভাৰত বন্ধক সংগঠনটোৱে সম্পূৰ্ণ সমৰ্থন জনাইছে বুলিও উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক: ভাৰত বন্ধ : জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ