ETV Bharat / state

Barshashree Buragohain in court: বৰ্ষাশ্ৰীক মনত আছে নে ? 16 মাৰ্চত বৰ্ষাশ্ৰীৰ গোচৰৰ ৰায় দিব আদালতে - Advocate on Barshashree Buragohain summoned

পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ মঙলবাৰে গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় (Barshashree Buragohain in sessions judge court) বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷

Barshashree Buragohain appears in Golaghat sessions judge court
গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই
author img

By

Published : Feb 28, 2023, 8:17 PM IST

গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

গোলাঘাট, 28 ফেব্ৰুৱাৰী : কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে মঙলবাৰে গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় (Barshashree Buragohain in sessions judge court) ৷ সামাজিক মাধ্যমত কবিতা লিখি 65 দিন ধৰি কাৰাবাস খাটিব লগা হৈছিল বৰ্ষাশ্ৰীয়ে (Court notice to Barshashree) ৷ যোৱা 21 ফেব্ৰুৱাৰীত এই গোচৰত পুনৰ আদালতত হাজিৰ হোৱাৰ বাবে বৰ্ষাশ্ৰীলৈ এক চমন জাৰি কৰিছিল আদালতে (Barshashree Buragohain summoned) ৷ এই চমনৰ ভিত্তিতেয়েই আজি গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত ভাতৃৰ সৈতে হাজিৰ হয় বৰ্ষাশ্ৰী ৷

গোলাঘাট সত্ৰ আদালতত উপস্থিত হৈ আইনৰ ওপৰত আস্থা থকা বুলি মন্তব্য প্ৰকাশ কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে । তেওঁ জনোৱা অনুসৰি আদালতে পৰৱৰ্তী শুনানিৰ দিন ১৬ মাৰ্চত ধাৰ্য কৰিছে । উল্লেখ্য যে 2022 বৰ্ষৰ 18 মে’ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ UAPAৰ অধীনত বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিচতেই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Barshashree Buragohain jailed for sedition)।

অসম চৰকাৰ লগতে আৰক্ষীকো তীব্ৰ সমালোচনা কৰিছিল বিভিন্নজনে। মানৱাধিকাৰ কৰ্মী আৰু অধিবক্তাসকলেও ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। অংকশাস্ত্ৰত মেজৰ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীয়ে কাৰাগাৰৰ পৰাই পৰীক্ষাত বহিব লগা হৈছিল ৷ DCB মহাবিদ্যালয়ে পৰীক্ষাত বহাৰ ৰায় প্ৰদান কৰিছিল মেধাৱী ছাত্ৰীগৰাকীক ৷

পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্ষাশ্ৰীৰ জামিন মঞ্জুৰ কৰিছিল (Barshashree Buragohain granted bail) ৷ জামিন লাভৰ পাচত বৰ্ষাশ্ৰীয়ে সংবাদমাধ্যমত এই ভুলৰ বাবে অনুতপ্ত হোৱা বুলিও মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাচতেই বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰক্ষীয়ে ৷ কিন্তু গোচৰ প্ৰত্যাহাৰ নকৰি আৰক্ষীয়ে চাৰ্জশ্বীটহে দিছিল বৰ্ষাশ্ৰীৰ গোচৰৰ ৷

এতিয়া বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ বৰ্ষাশ্ৰী মানসিকভাৱে সাজু হৈছে বুলি জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে (Advocate on Barshashree Buragohain summoned) কয় যে বৰ্ষাশ্ৰীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো আৰক্ষীয়ে পৰীক্ষা কৰে যদিও কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ লগত জড়িত থকা কোনোধৰণৰ আপত্তিজনক তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল ৷ লগতে আৰক্ষীয়ে বৰ্ষাশ্ৰীয়ে লিখা কবিতাৰ পংক্তিটোৰ এটা স্ক্ৰীণশ্ব’ট দাখিল কৰে ৷ আৰক্ষীয়ে আদালতত 8 গৰাকী সাক্ষী হাজিৰ কৰিছে ৷ আগন্তুক 16 মাৰ্চতহে বৰ্ষাশ্ৰীৰ ওপৰত ৰুজু হোৱা গোচৰটোৰ সন্দৰ্ভত আদালতে ৰায় প্ৰদান কৰিব ৷

লগতে পঢ়ক: কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই : কি কয় অধিবক্তা-মানৱাধিকাৰ কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.