ETV Bharat / state

Wild elephant prayer at Ganesh temple : গণেশ মন্দিৰত বন্যহস্তীৰ প্ৰাৰ্থনা - পাৰ্বতীপুৰৰ এখন চাহ বাগিচা

গোলাঘাটৰ এটা গণেশ মন্দিৰত মূৰ দোৱালে বন্যহস্তীয়ে (Baby Wild elephant prayer at Ganesh temple in Golaghat) ৷ স্থানীয় লোকৰ কেমেৰাত বন্দী হ’ল সেই দৃশ্যাংশ ৷

Baby Wild elephant prayer at Ganesh temple
গনেশ মন্দিৰত মূৰ দোৱালে বন্যহস্তীয়ে
author img

By

Published : Mar 31, 2023, 10:09 PM IST

গনেশ মন্দিৰত মূৰ দোৱালে বন্যহস্তীয়ে

গোলাঘাট, 31 মাৰ্চ : ‘‘মানিলে ধান, নামানিলে পতান’’ - অসমীয়াৰ এই বাক্যশাৰী বিশ্বাসৰ ওপৰত আধাৰিত । আমাৰ জীৱনৰ বহুবোৰ কথাই বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল । যিসকলে সনাতন শক্তিৰ অস্তিত্ব মানে তেওঁলোকৰ বাবে ভগৱন্তৰ অস্তিত্ব সকলোতে বিৰাজমান । বিশ্বাসৰ এই দৃশ্য এইবাৰ দেখা গ’ল গোলাঘাটত । অন কেমেৰাত গোলাঘাটৰ এটা গণেশ মন্দিৰত বন্য গজৰাজে সেৱা কৰা দৃশ্য পৰিলক্ষিত হ’ল (Baby Wild elephant prayer at Ganesh temple in Golaghat)। যি দৃশ্যই প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিল সকলো ।

তথ্য অনুসৰি, শুকুৰবাৰে গোলাঘাট জিলাৰ পাৰ্বতীপুৰৰ এখন চাহ বাগিচাৰ পৰা গাঁৱৰ পথেৰে আন এখন চাহ বাগিচালৈ গৈ আছিল বন্যহস্তীৰ এটা জাক ৷ তেনে সময়তে বন্যহস্তীৰ সেই জাকটোৰ পৰা ফালৰি কাটি এটা হাতীৰ পোৱালিয়ে প্ৰৱেশ কৰে কাষতে থকা এটা গণেশ মন্দিৰত (Unique Wild elephant prayer) ৷

লগতে পঢ়ক : Peace accord with Adivasi militant group: শান্তি চুক্তিৰ এটা দফাও পূৰণ কৰা নাই চৰকাৰে, ক্ষোভিত ৮ টাকৈ সংগঠন

মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মূৰ দোৱাই হাতীৰ পোৱালিটোৱে শুৰডাল লৰাই ভৰিৰে ভূমিত কেইবাৰো জোৰেৰে গচকে । আনকি মন্দিৰত প্ৰৱেশ কৰাৰ কিছুসময়ৰ পাচতেই হাতীৰ পোৱালিটোৱে কোনো ক্ষতি নকৰাকৈ তাৰ পৰা ওলাই পুনৰ জাকটোৰ লগত নিজৰ পথ লয় । বন্যহস্তীৰ পোৱালিটোৱে গণেশ মন্দিৰত সেৱা কৰা এই দৃশ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল সকলো ৷

উল্লেখ্য যে, বিগত কেবাদিন ধৰি গোলাঘাটৰ বিভিন্ন অঞ্চলত হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছিল ৷ যাৰ ফলত অতিষ্ঠ হৈ পৰিছিল গোলাঘাটবাসী ৰাইজ ৷ শুকুৰবাৰে পুৱাই পোৱালিসহ বন্যহস্তীৰ জাকটো দেখি শংকিত হৈ পৰিছিল অঞ্চলটোৰ ৰাইজ ৷ কিন্তু মূহুৰ্ততে জাকটোৰ মাজত থকা হাতীৰ পোৱালিটোৰ এই আচৰণত অভিভূত হৈ পৰিল গাঁৱৰ সকলো ৷

লগতে পঢ়ক : Gamocha Controversy in Assam: মূৰ কাটি জোৰা দিয়াটো সমন্বয় নহয়: জনাৰ্দন দেৱ গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.