ETV Bharat / state

হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ দুই বিধায়কৰ বিশেষ পদক্ষেপ - Jadav Payeng

হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ খুমটাইত বিশেষ সভা দুই বিধায়ক পদ্ম হাজৰিকা আৰু মৃণাল শইকীয়াৰ ৷ সভাত অংশগ্ৰহণ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে ৷

Awareness Meeting on Human Elephant Conflict
খুমটাইত বিশেষ সভা
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:06 PM IST

হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ সজাগতা সভা

গোলাঘাট, 6 ডিচেম্বৰ : হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ ৰাজ্যৰ দুই বিধায়কৰ বিশেষ পদক্ষেপ ৷ গোলাঘাটৰ নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা বৃহৎ বন্যহস্তীৰ দলে জিলাখনৰ বিভিন্ন অঞ্চলত বিগত কেইবাদিনো ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ যাৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় লোকসকলৰ লগত বিশেষ আলোচনা দুই বিধায়কৰ ৷ এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং ৷

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা অঞ্চলকেইটা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে খুমটাই সমষ্টি আৰু চতিয়া সমষ্টিৰ বিধায়কদ্বয় ৷ খুমটাই সমষ্টিৰ আৱৰঘাটত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ অঞ্চলকেইটাৰ ৰাইজৰ লগত বুধবাৰে মতবিনিময় কৰে অৰণ্য মানৱ যাদৱ পায়েং, বিধায়ক পদ্ম হাজৰিকা আৰু মৃণাল শইকীয়াই ৷

গোলাঘাটৰ মৰঙি, পোৰাবাংলা, দৈগ্ৰোং, থুৰামুখ, আৱৰঘাট, ভোলাগুৰি আদি বিভিন্ন স্থানত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে স্থানীয় ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে অৰণ্য মানৱ যাদৱ পায়েঙে গছ-গছনি কাটি তহিলং কৰাৰ ফলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে ৷ বিধায়ক পদ্ম হাজৰিকাই বন্যহস্তীক উত্তেজিত কৰাৰ বিপৰীতে সকলো লোকক সংযত হৈ থাকিবলৈ অনুৰোধ জনায় ৷

আনহাতে হাতী আৰু মানুহৰ সংঘাতৰ বাবে মানুহকেই জগৰীয়া কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বৃহত্তৰ অঞ্চলকেইটাৰ প্ৰায় শতাধিক কৃষককে অংশগ্ৰহণ কৰা এই সভাত সমস্যাটো কিদৰে সমাধান কৰিব পাৰে তাৰ ওপৰতো আলোচনা কৰা হয় ৷ বৰ্তমান নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি খেতিপথাৰ নষ্ট কৰাৰ লগতে হাতী-মানুহৰ সংঘাতৰ সৃষ্টি হয় ৷ যাৰবাবে সকলো লোকক বন্যহস্তীক আক্ৰমণ কৰাৰ পৰিৱৰ্তে হাতীৰ লগত বন্ধুত্ব কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : চৰাইদেউৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.