ETV Bharat / state

অগপৰ গঢ়াখহনীয়াৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি অতুল বৰাৰ

বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ লগত থাকিলো বুলিয়েই বিজেপিৰ তলত নহয় । কংগ্ৰেছৰ চক্ৰান্ততে নতুন ৰাজনৈতিক দলৰ গঠন হৈছে । কংগ্ৰেছ আৰু এআইইউডিএফে নতুন কলিযুগৰ সূচনা কৰিব । অগপৰ গঢ়াখহনীয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ।

অগপৰ গঢ়াখহনীয়াৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি অতুল বৰাৰ
অগপৰ গঢ়াখহনীয়াৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি অতুল বৰাৰ
author img

By

Published : Dec 2, 2020, 4:19 PM IST

গোলাঘাট,2 ডিচেম্বৰঃ প্ৰথমে খুমটাই তাৰপিছত মৰিগাঁও । অগপৰ গঢ়াখহনীয়াই তোলপাৰ লগাইছে অসমৰ ৰাজনৈতিক মহলত । বৰ্তমান এই বাতৰিৰ পিছতেই গোলাঘাটত সক্ৰিয় হৈ পৰিল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা । খুমটাই বৰুৱা বামুন গাঁৱত অগপৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে ওলোৱাৰ সময়ত গোলাঘাট জিলা অগপ কাৰ্যালয়ত এখনি সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই । সভাত অতুল বৰাই ভাষণ প্ৰসংগত কয়, বিজেপি মিত্ৰজোঁট চৰকাৰৰ লগত আছো বুলিয়েই বিজেপিৰ তলত নহয় । সম মৰ্যদা আছে অগপ দলৰো ।

অগপৰ গঢ়াখহনীয়াৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি অতুল বৰাৰ

আনহাতে খুমটাই আৰু মৰিগাঁৱত অগপৰ কোনো ধৰণৰ গঢ়াখহনীয়া হোৱা নাই । বৰঞ্চ বহু লোকে অগপত যোগদান কৰা বুলিহে জানিব দিয়ে অতুল বৰাই । কংগ্ৰেছ আৰু এআইইউডিএফ দল যদি ক্ষমতালৈ আহে তেন্তে দ্বিতীয় কলিযুগৰ সূচনা কৰিব । অসমীয়া জাতি মহা সংকটত পৰিব । বিজেপিৰে মিত্ৰ দলত থাকি অগপ দলৰ কোনো ধৰণৰ ক্ষতি সাধন হোৱা নাই বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰী অতুল বৰাই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ দলক ।

লগতে পঢ়কঃ অহা ৪ ডিচেম্বৰত তামিলনাডু পাবহি 'বুৰেৱী': বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.