ETV Bharat / state

2021-তো মিত্ৰতা থাকিব অগপ-বিজেপিৰঃ অতুল বৰা

author img

By

Published : Jan 2, 2021, 9:40 PM IST

আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপিৰ লগত মিত্ৰঁজোটেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম গণ পৰিষদ । উল্লেখযোগ্য যে, অমিত শ্বাহৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম গণ পৰিষদে ।

2021 টো মিত্ৰতা থাকিব অগপ-বিজেপিৰঃ অতুল বৰা

গোলাঘাট,2 জানুৱাৰীঃ আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপিৰ লগত মিত্ৰঁজোটেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম গণ পৰিষদ । উল্লেখযোগ্য যে, অমিত শ্বাহৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম গণ পৰিষদে । কিন্তু কোনটো সমষ্টিত কোনে প্ৰতিদ্বন্দিতা কৰিব সেইয়া এতিয়াও ঠিৰাং হোৱা নাই বুলি উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই ৷

আনহাতে পুনৰ বোকাখাত সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপৰ সভাপতি অতুল বৰা । শনিবাৰে এক সংবাদ মেলযোগে মন্ত্ৰী অতুল বৰাই এই মন্তব্য কৰে । ইপিনে সংবাদ মেলত কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফক তীব্ৰ সমালোচনা কৰে অগপৰ সভাপতি গৰাকীয়ে। কংগ্ৰেছ এ.আই.ইউ.ডিএফ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মুংগেৰীলালৰ সপোন দেখিছে বুলিও মন্তব্য কৰে অতুল বৰাই ।

উল্লেখযোগ্য যে, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা ৷ আনুষ্ঠানিক ভাৱে মন্ত্ৰী অতুল বৰাই ছাত্ৰী সকলৰ মাজত স্কুটি বিতৰণ কৰে । দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বঁটা বিতৰণী সভাত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী উপস্থিত থাকে । জানিব পৰা মতে গোলাঘাট জিলাখনত ৭৪৩ গৰাকী কৃৰ্তী ছাত্ৰীক স্কুটি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়কঃ অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.