গোলাঘাট,২৭ ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা দুগুণে বৃদ্ধি পাইছে । মিত্ৰজোঁটৰ অগপ দলে প্ৰতিদ্বন্দিতাৰ সাম্ভাব্য সমষ্টি সমূহত নিৰ্বাচনী ৰণনীতি সাজু কৰি তুলিছে । সমান্তৰালকৈ গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে আঞ্চলিক দল অগপই।
নিৰ্বাচনৰ লগত সংগতি শুকুৰবাৰে সৰুপথাৰৰ মৰঙিত অগপ দলে এক দলীয় কৰ্মী সমাৰোহৰ আয়োজন কৰে । এই সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাসহ দলৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ।
অনুষ্ঠানতে সভাপতিগৰাকীৰ দাবী অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আগন্তুক নিৰ্বাচনত ক্ষতি কৰিব কংগ্ৰেছক । তেওঁৰ মতে কংগ্ৰেছ-এআইইউডিএফৰ সৈতে নতুন দলৰ ভিতৰুৱা বুজাবুজি আছে । লগতে তেওঁ কয় যে শীৰ্ষ নেতৃত্বই প্ৰকাশ নকৰিলেও ৯৪ নং সৰুপথাৰ সমষ্টিত অগপ দলে প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত ।
লগতে পঢ়ক:কৰিমগঞ্জত কেইবাটাও প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ