গোলাঘাট, 26আগষ্টঃ গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি দেওবাৰৰ ছুটিসহ ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বাদুলিপাৰ উপ-শাখাৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । উল্লেখযোগ্য যে, বুধবাৰে আটছা কেন্দ্ৰীয় সমিতিৰ সহযোগত অসমৰ প্ৰায়বোৰ চাহ বাগিচাতেই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ।
লগতে পঢ়কঃ ৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা