ETV Bharat / state

পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বাতিলৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ - গোলাঘাট

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সন্দৰ্ভত কাৰ্যকৰী কৰিব খোজা বিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে গৰজি উঠিছে বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা ৷ অতি শীঘ্ৰে খচৰাখন বাতিল নকৰিলে জংগী আন্দোলনৰ ভাবুকি দিছে প্ৰতিবাদকাৰী সকলে ৷

ASSU protest Against EIA 2020 At Golaghat
পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বাতিলৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ
author img

By

Published : Jul 30, 2020, 4:00 PM IST

গোলাঘাট, 30 জুলাইঃ পৰিৱেশৰ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020 বাতিলৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বাতিলৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে,EIA-2020 কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন খচৰা ৷ যিখন নিকি জনতাৰ কণ্ঠ ৰুদ্ধৰ এখন খচৰা,যি খন খচৰাই কাঢ়ি নিব আমাৰ বাক স্বাধীনতা । এই খচৰা মতে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ৰাইজে দিব নোৱাৰিব কোনো মতামত। কয়লা খননৰ পৰা আদি কৰি তৈল ক্ষেত্ৰৰ লৈকে জনতাৰ মতামত হ'ব অগ্ৰহণযোগ্য । বনাঞ্চলৰ মাজতো কৰিব পাৰিব কয়লা খনন আৰু তৈল খাদ। যদি প্ৰতিবাদ কৰা হয়,সেই প্ৰতিবাদ ৰুদ্ধ কৰাৰ থাকিব চৰকাৰৰ স্বতন্ত্ৰ অধিকাৰ । জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত বিশেষ মাত মাতিব নোৱাৰিব জনতাই। পৰিৱেশ সুৰক্ষা আইন উলংঘা কৰি উদ্যোগ স্থাপনৰ পূৰ্ণ অধিকাৰ লাভ কৰিব চৰকাৰে। দেশৰ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত জনতা কৰিব নোৱাৰিব চৰকাৰক প্ৰশ্ন । ৰাইজৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ চৰকাৰে এই আইন প্ৰণয়ন কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে ই.আই.এ.-২০২০ খচৰাৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সন্দৰ্ভত গণতান্ত্ৰিক ব্যৱস্থাটোক মষিমূৰ কৰিবৰ বাবে কাৰ্যকৰী কৰিব খোজা বিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে গৰজি উঠিছে বিভিন্ন দল সংগঠন ৷

ঠিক একেদৰে গোলাঘাটতো সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ EIA- 2020 খচৰা বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিৰত EIA 2020 খচৰা প্ৰতিলিপি দাহ কৰি প্ৰতিবাদকাৰী সকলে । সংগঠনটোৱে প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰ চৰকাৰক সকীয়নি প্ৰদান কৰি অনতি পলমে এই খচৰা বাতিলৰ দাবী জনায় । তাৰোপৰি প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়,EIA খচৰা বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

লগতে পঢ়ক- 30 আৰু 31 জুলাইত অব্যাহত থাকিব আন্তঃজিলা বাছ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.