গোলাঘাট, 9 ফেব্ৰুৱাৰীঃ অসমৰ চাহ পৰিৱেশন আৰু ইয়াক অধিক জনপ্ৰিয়তা কৰিবৰ বাবে ধনশিৰি মহকুমাৰ বৰপথাৰত দুদিনীয়াকৈ আৰম্ভ হৈছে "অসমীয়া চাহ সমাৰোহ" ৷ বৰপথাৰস্থিত পাভজান চাহ বাগিছাৰ প্ৰাংগনত 'অৰিণ টি'ৰ সৌজন্যত অনুষ্ঠিত হোৱা চাহ সমাৰোহত দেশৰ উদ্যোগপতি, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভিন্ন প্ৰকাৰৰ চাহ প্ৰদৰ্শনী আৰু পৰিৱেশন কৰা হয় ৷
আনহাতে, অসমীয়া লোসকলে চাহ আপ্যায়ন কৰোতে কাঁহৰ বাতিত দিয়া যি অসমীয়া পৰম্পৰা সেয়া প্ৰায় নাইকিয়া হৈ গৈছে ৷ যাৰ বাবে তাক পুনৰ প্ৰচলনত আগভাগ লৈছে অৰিণ টি গ্ৰুপে ৷ তদুপৰি অসমৰ সাৰুৱা ভূমিত কেনেদৰে উৎপাদন বৃদ্ধি আৰু জৈৱিক পদ্ধতিৰে চাহ কৰিব পাৰি তাৰো ওপৰত গুৰুত্ব দি আলোচনা চক্ৰও অনুষ্ঠিত কৰে উদ্যোক্তাসকলে ৷