ETV Bharat / state

Naga terror on The Land of Assam: মেৰাপানী সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন - অসম নগালেণ্ডৰ সীমান্ত

অসমৰ ভূমিত অধিকাৰ সাব্যস্ত কৰিব বিচৰা নগাই অব্যাহত ৰাখিছে ভূমি বেদখল ৷ নগাৰ এই অত্যাচাৰৰ বিৰুদ্ধে অসম প্ৰশাসন, চি আৰ পি এফৰ ভূমিকাত ক্ষুণ্ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Terror of Naga miscreants) ।

assam nagaland border issue
নগাৰ আগ্ৰাসন
author img

By

Published : May 8, 2023, 2:26 PM IST

মেৰাপানী সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন

গোলাঘাট, 8 মে’ : অসমৰ মাটিত বেদখল অব্যাহত ৰাখিছে নগাই । মেৰাপানী সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন । ভুক্তভোগীৰ অভিযোগ তথা সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতো নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে অসম প্ৰশাসন তথা সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে ৷ সীমান্তত স্থিতাৱস্থা উলংঘন নাগালেণ্ডৰ ৷ অসম প্ৰশাসন, চি আৰ পি এফৰ ভূমিকাত ক্ষুণ্ণ হৈ উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে ।

মেৰাপানীৰ অসম নাগালেণ্ডৰ সীমান্তৰ ডি চেক্টৰত অব্যাহত আছে নগাৰ আগ্ৰাসন (Assam Nagaland border dispute) । মেৰাপানীৰ গড়বস্তিত হাবি কাটি গছপুলি ৰোপণেৰে ভূমি বেদখলৰ চেষ্টা কৰিছে একাংশ নগা দুবৃৰ্ত্তই । যোৱা ৬ মে'ত এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনী গড়বস্তিত উপস্থিত হৈছিল যদিও ঘটনাস্থলীৰ পৰা ২ কিলোমিটাৰ আঁতৰত অৱস্থান কৰি ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিয়েই দায়িত্ব সামৰে (Naga terror on The Land of Assam) ।

ইফালে বন বিভাগৰ লোক ঘটনাস্থলীলৈ ৰাওনা হৈছিল যদিও নাগালোকৰ অৱস্থান দেখি আধা বাটৰ পৰাই উভতি যায় । সম্প্ৰতি অসম চৰকাৰৰ সোপাঢিলা আৰু আওকণীয়া মনোভাৱৰ বাবেই সীমান্ত অঞ্চলসমূহত বিভিন্ন চুবুৰীয়া ৰাজ্য বিলাকৰ আগ্ৰাসন তীব্ৰ ৰূপত বৃদ্ধি হোৱাৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধিয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, অসমৰ মাটিত কোনো কাৰণতেই নগাৰ আগ্ৰাসন মানি লোৱা নহ'ব (Naga aggression at Merapani) ।

আনহাতে, গোলাঘাট জিলা প্ৰশাসনৰ লগতে সীমান্ত দণ্ডাধীশক শীঘ্ৰেই ৰাইজৰে সৈতে আলোচনাত মিলিত হৈ ২০১০ চনৰ পৰা বিবদমান হৈ থকা ভূখণ্ডত স্থিতাৱস্থা বাহাল ৰখাৰ আহ্বান জনায় নিকুঞ্জ মেধিয়ে ।

লগতে পঢ়ক : Manipur Violence: আগৰতলালৈ সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.