ETV Bharat / state

কেনে আছে গৌৰৱ গগৈৰ আদৰ্শ গাঁও ? - কলিয়াবৰ

সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং গন্ধকৰৈ গাঁওখনক আদৰ্শ গাঁও হিচাপে স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে | কিন্তু ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে সাংসদগৰাকীয়ে ৷

আদৰ্শ গাঁৱৰ নমুনাঃ সকলো চৰকাৰী সু-সুবিধাৰ পৰা বঞ্চিত গন্ধকৰৈ গাঁওবাসী
author img

By

Published : Mar 25, 2019, 11:24 AM IST

কলিয়াবৰ, 25 মাৰ্চঃ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং গন্ধকৰৈ গাঁওখনক আদৰ্শ গাঁও হিচাপে স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে |

আদৰ্শ গাঁৱৰ নমুনাঃ সকলো চৰকাৰী সু-সুবিধাৰ পৰা বঞ্চিত গন্ধকৰৈ গাঁওবাসী
কিন্তু ৰ্গাঁওখন কেৱল আদৰ্শ গাঁও হিচাপেহে স্বীকৃতি লাভ কৰাৰ বিপৰীতে নেদেখিলে উন্নয়নৰ মুখ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কোনো উন্নয়নমূলক কাম কৰিবলৈ সক্ষম নহ'ল বৰ্তমানৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে | উল্লেখ্য যে বাট পথ নথকা, বিদ্যুৎ, শিক্ষা,স্বাস্থ্য, বিশুদ্ধ খোৱা পানীৰ বৰ্তমানো কোনো ব্যৱস্থা নকৰাৰ ফলত এইবাৰ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে ৷

Intro:কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং গন্ধকৰৈ গাঁও খনক আদৰ্শ গাঁও হিচাপে স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে | গাঁও খন কেৱল আদৰ্শ গাঁও হিচাপেহে ঘোষণা কৰা হল কিন্তু কোনো উন্নয়ন মূলক কাম কৰিবলৈ সক্ষম নহল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা বৰ্তমানৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে | নিৰ্বাচনৰ আগত কেৱল চলাহী কথাৰে সাংসদ হোৱা গৌৰৱ গগৈক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰাৰ হুংকাৰ ।
Body:গাঁও খন কেৱল আদৰ্শ গাঁও হৈয়ে ৰল আনকি ৬ নং ৱাৰ্ডত আজিও বাট পথ, বিদ্যুৎ, শিক্ষা,স্বাস্থ্য, বিশুদ্ধ খোৱা পানী, আদি উন্নয়ন মূলক আচনিয়ে স্পৰ্শ নকৰিলে | আজিও এই গাওখনৰ শ্ৰমজীৱি ৰাইজে পুখুৰী, খাল আদিৰ পানী সেৱন কৰি জীৱন অতিবাহিত কৰিব লগা হৈছে | মিঠাতেলৰ চাকিৰ পোহৰত নিশা কটাবলগীয়া হৈছে | ইয়াৰোপৰি গাঁও খনৰ ৬ নং ৱাৰ্ডত বিগত ৫ বছৰে সাংসদ গৌৰৱ গগৈয়ে এবাৰো আহি ৰাইজৰ দুখ দুৰ্দশাৰ কথা বুজ লবলৈ নাহিল বুলিও ৰাইজে জানিবলৈ দিয়ে | আনবাৰৰ দৰে এইবাৰো গৌৰৱ গগৈয়ে নিৰ্বাচনৰ সময়ত ভোট বিচৰি আহিব কিন্তু এইবাৰ আদৰ্শ গাঁওৰ ৰাইজ সজাগ আৰু একত্ৰিত হৈ আগন্তুক লোক সভা নিৰ্বাচনত কংগ্ৰেছ দলক বৰ্জন কৰিব বুলিও ৰাইজে আমাক জানিবলৈ দিছে ।
Conclusion:BYTE :-1 স্থানীয় ভোটাৰ
BYTE :-2 স্থানীয় ভোটাৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.