গোলাঘাট, 31 মাৰ্চঃ গোলাঘাট বিজুলী বনাঞ্চল দখৰা পথাৰ অঞ্চলত দীৰ্ঘদিন ধৰি এটা বন্যহস্তীৰ আর্তনাদ শুনি আহিছে স্থানীয় ৰাইজে । আঘাত প্ৰাপ্ত হাতীটোৱে বিচৰণ কৰি আছিল অঞ্চলটোত । আৰু এতিয়া হাতীটোৰ অৱস্থা ক্ৰমাৎ বেয়া হোৱাত দেওবাৰে দিনৰ ভাগৰ পৰা হাতীটোৱে দখৰা পথাৰ অঞ্চলতে অৱস্থান কৰি আছে । হাতীটোৰ আগ ভৰিৰ সোঁ ফালৰ ভৰিত আঘাতৰ চিন স্পষ্ট ।
ইফালে স্থানীয় লোকৰ সন্দেহ কোনো দুস্কৃতিকাৰীয়ে হাতীটোক গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল বুলি সন্দেহ স্থানীয় লোকৰ । কাৰণ পূৰ্বে বহুকেইটা বন্যহস্তী এই বিজুলী বনাঞ্চলৰ মাজতে দুস্কৃতিকাৰীয়ে হত্যা কৰি মাংস আৰু দাঁত লৈ উধাও হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে । আনহাতে স্থানীয় লোকৰ অভিযোগ বৰ্তমান পৰ্যন্ত বন বিভাগৰ কোনো লোকে উপস্থিত হৈ প্ৰত্যক্ষ কৰা নাই হাতীটো বা লোৱা নাই কোনো চিকিৎসাৰ ব্যৱস্থা।
লগতে চাওকঃ খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল