ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ - অসম

নিশা হ'লেই গঞাৰ নিদ্ৰা হৰণ কৰে বন্যহস্তীৰ দলে ৷ 70 -80টা হাতীৰ জাকৰ দিন দুপৰতে বিচৰণ ৷

http://10.10.50.80:6060///finalout3/assam-nle/finalout/08-August-2019/4077361_elephant_terror_video.mp4
author img

By

Published : Aug 8, 2019, 6:12 PM IST

গোলাঘাট,8 আগষ্টঃ গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথত গজৰাজৰ সমদল। নিশা হ'লেই গঞাৰ নিদ্ৰা হৰণ কৰে বন্যহস্তীৰ দলে ৷ প্ৰায় 70 -80টা হাতীৰ এটা জাকে গোলাঘাট দেওপাহাৰৰ মাজেৰে যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হৈ দেওপাহাৰত প্ৰৱেশ কৰিছে ৷ এই হাতীৰ বৃহৎ জাকটোত কেবাটাও পোৱালীও আছে ৷ ইফালে নুমলীগড়ৰ সমীপৰ বকিয়াল চাহ বাগিচাৰ কাষত অৱস্থান কৰি থকা পোৱালিসহ বৃহৎ হাতীৰ জাকটোৱে নিশা হ'লেই কাষৰ গাওঁ সমূহত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰে।

গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

ইফালে হাতীৰ জাকটোৱে বিচৰণ কৰি থকাৰ বাবে দিন দুপৰতে দৈনিক বজাৰ সমাৰ কৰিবলৈ অহা যোৱা কৰাৰ লগতে ঘৰৰ পৰা ওলাবলৈ ভয় খাইছে জনসাধাৰণ । বিপৰীতে বকিয়াল খণ্ড বন বিষয়াৰ দলে হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্যে যে দীর্ঘদিনধৰি গোলাঘাটৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ জাকটোৱে বহু পৰিয়ালৰ ঘৰ-বাৰী ভাঙি তহিলং কৰি আহিছে ৷

Intro:গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথত গজৰাজ ৰ সমদল।নিশা হলেই গঞাৰ নিদ্ৰা হৰণ।Body:এক মনোৰম দৃশ্য । এটা 70 -80 হাতীৰ জাক ৰ গোলাঘাট দেওপাহাৰৰ মাজেৰে যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাই থদি পাৰ হৈ গৈছে । নিৰ্জন ৰাজ পথেদি অনায়াসে পাৰ হৈ দেওপাহাৰত প্ৰৱেশ কৰিছে পোৱালী সহ জাকটোৱে।ইফালে নুমলীগড়ৰ সমীপৰ বকিয়াল চাহ বাগিচাৰ কাষত অৱস্থান কৰি থকা পোৱালি সহ বৃহৎ হাতীৰ জাকে নিশা হলেই কাষৰ গাওঁ সমূহত প্ৰৱেশ কৰি নিদ্ৰা হৰিছে গঞাৰ।দিন দুপৰতে দৈনিক বজাৰ সমাৰ কৰিবলৈ অহা যোৱা কৰাৰ লগতে ঘৰৰ পৰা ওলাবলৈ ভয় হৈছে জনসাধাৰণৰ। বকিয়াল খণ্ড বন বিষয়া কাৰ্যলয়ে হাতী খেদাত ব্যৰ্থ হোৱা ৰ অভিযোগ স্থানীয় ৰাইজৰ।ইফালে দীর্ঘদিনে গোলাঘাট ৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ জাকটোৱে বহু পৰিয়ালৰ ঘৰ -বাৰী ভাঙি তহিলং কৰি আহিছে ।Conclusion:Byte 1 : স্থানীয় বাসিন্দা

গোলাঘাট পৰা চামিম আলি , etv bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.