ETV Bharat / state

কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বন্ধ জৰুৰীকালীন সেৱা

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দিনৰ এক বজাৰ পৰা এই পৰ্যন্ত বিদ্যুৎ কৰ্তন কৰি দিয়াত বন্ধ হৈ পৰে এক্সৰে,আলট্ৰা চাউণ্ড আৰু চিটি স্কেনৰ দৰে জৰুৰীকালীন চিকিৎসা ৷

author img

By

Published : Aug 3, 2019, 11:27 PM IST

চিকিৎসালয়ত বন্ধ জৰুৰীকালীন চিকিৎসা

গোলাঘাট,3আগষ্ট : গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত হাহাকাৰ পৰিস্থিতি ৷ দিনৰ এক বজাৰ পৰা এই পৰ্যন্ত চিকিৎসালয়খনত বিদ্যুৎ কৰ্তন কৰি দিয়াত চিকিৎসালয়ত বন্ধ হৈ পৰে এক্সৰে,আলট্ৰা চাউণ্ড আৰু চিটি স্কেনৰ নিচিনা জৰুৰীকালীন চিকিৎসা ৷ যাৰ বাবে ৰোগীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰোগীসকলে চিকিৎসালয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ দিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ কয় ৰোগী আৰু ৰোগীৰ আত্মীয়ক ৷ বহু ঠাইৰ পৰা অহা ৰোগীসকলে দিনৰ পৰা বৰ্তমানলৈ অসহায় হৈ বহি আছে চিকিৎসালয়খনত ৷

Intro:Body:গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আজি অচল হৈ পৰে এক্সৰে , আলট্ৰা চাউণ্ড আৰু চিটি স্কেন। হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয় জিলাখনৰ একমাত্ৰ চিকিৎসালয় খনত। দিনৰ এক বজাৰ পৰা এই পৰ্য্যন্ত চিকিৎসালয় খনত বিদ্যুৎ কৰ্তন কৰি দিয়াত জৰুৰীকালীন এই তিনি চিকিৎসা ব্যৱস্থা বন্ধ হৈ পৰে। চিকিৎসালয় কতৃপক্ষৰ দায়সৰা মন্তব্য। চিকিৎসালয় কতৃপক্ষক অভিযোগ দিয়াত বিদ্যুৎ বিভাগত ধৰ্ণা দিবলৈ কয় ৰোগী আৰু ৰোগীৰ আত্মীয়ক। বহু দুৰ দুৰণিৰ পৰা অহা বহু ৰোগী এতিয়া অসহায় হৈ বহি আছে চিকিৎসালয় খনত। জেনেৰেটৰত চলাব নোৱাৰে এক্সৰে , চিটিস্কেন আৰু আলট্ৰা চাউণ্ডৰ যন্ত্ৰ পাতি সমুহ।Conclusion:Byte 1: ৰোগীৰ অভিভাৱক।
Byte 2: চিকিৎসক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.