গোলাঘাট, ১০অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিকে। ফৰকাটিং উপ-শাখাৰ উদ্যোগত ঊষা বাগিচাৰ প্ৰাথমিক গোট আৰু স্থানীয় চাহ শ্ৰমিকৰ সহযোগত ঊষা চাহ বাগিচাত বিক্ষোভ প্ৰদৰ্শন কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকৰ ২০ শতাংশ ব'নাচ প্ৰদান কৰা, চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, শ্ৰম আইন অনুসৰি শ্ৰমিকক পি এফ আৰু গ্ৰেচুয়েটি প্ৰদানৰ ব্যৱস্থা কৰা আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে ২ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সমস্যাসমূহ সমাধানৰ দাবী জনাই আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চাহ বাগিচাতে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
লগতে পঢ়ক:জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান