গোলাঘাট,25 ডিচেম্বৰ : বৃহস্পতিবাৰে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত শীৰ্ষস্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিছে গোলাঘাটৰ কংকণজ্যোতি শইকীয়াই । গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত কংকণজ্যোতি শইকীয়া গোলাঘাটৰ বিপিন কাকতি পথৰ নিবাসী ৷ তেওঁৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে গোলাঘাটবাসী ।
বহু আগৰ পৰাই এই আশা পূৰণৰ সপোন দেখিছিল কংকণজ্যোতি শইকীয়াই ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ সময়ৰ পৰাই তেওঁ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ৷
ইয়াৰ পাচতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়িক সহকাৰী বিষয়া হিচাপে চাকৰি জীৱনৰ পাতনি মেলে কংকণজ্য়োতি শইকীয়াই ৷ চাকৰিৰ মাজতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাই তেওঁ সমগ্ৰ অসমতে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ৷ ইফালে কংকণৰ এই সাফল্যত আনন্দৰ বন্যা বোৱাইছে কংকণৰ মাতৃয়ে ৷
লগতে পঢ়ক : পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ