ETV Bharat / state

উজনিত সকলো বিৰোধী দলৰ উৰ্ধত নেকি অখিল গগৈৰ ৰাইজৰ দল ?

author img

By

Published : Aug 22, 2021, 8:33 PM IST

উজনিত সকলো বিৰোধী ৰাজনৈতিক দলতকৈ ৰাইজৰ দল এখোজ আগত আছে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে ৷ পিছে, উপ-নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈও মন মেলিছে অখিল গগৈৰ ৰাইজৰ দলে । তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰা নকৰাৰ ক্ষেত্ৰতো মন্তব্য কৰিলে অখিলে ৷

akhil-gogoi-claims-his-raijor-dal-is-the-strongest-opposition-in-upper-assam
উজনিত সকলো বিৰোধী দলৰ উৰ্দ্ধত নেকি অখিল গগৈৰ ৰাইজৰ দল ?

গোলাঘাট, 22 আগষ্ট : উপ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু অখিল গগৈৰ ৰাইজৰ দল ৷ দেওবাৰে গোলাঘাটত এই কথা স্পষ্ট কৰিলে খোদ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । উজনিত সকলো বিৰোধী ৰাজনৈতিক দলতকৈ ৰাইজৰ দল এখোজ আগত আছে বুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ।

উজনিত উপ নিৰ্বাচনত মিত্ৰ শক্তিৰে এটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আগবঢ়োৱাৰ মন মেলিছে অখিল গগৈয়ে । ইয়াৰোপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাক অভিশাপ যাত্ৰা বুলিও আখ্যা দিলে বিধায়ক অখিল গগৈয়ে ৷ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰা নকৰাৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়াই অখিলে ৷

গোলাঘাটত এই কথা স্পষ্ট কৰি তেওঁ কয় যে, তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব তেওঁ গ্ৰহণ নকৰে ৷ অৱশ্যে, তৃণমূল কংগ্ৰেছৰে ৰাইজৰ দল মিত্ৰতাত থকাৰ পোষকতা কৰে অখিল গগৈয়ে । গোলাঘাট টেঙানীত এখন সভাত অংশগ্ৰহণ কৰি আহি গোলাঘাট চহৰত সাংবাদিকৰ আগতে এনেদৰে মন্তব্য আগবঢ়াই শিৱসাগৰ বিধায়ক অখিল গগৈয়ে ।

মন কৰিব লগীয়া কথাটো হ’ল যে, আন এটা আঞ্চলিক শক্তি লুৰীণ জ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে কোনো চৰ্ত অবিহনে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰি কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হৈছে ৷ ইয়াৰ ওপৰি বহু জ্যেষ্ঠ কংগ্ৰেছী নেতাই অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰাৰ বিষয়টোত মুকলিকৈ বিৰোধিতা কৰিছে । ইয়াৰ পিছতো অখিল গগৈয়ে কংগ্ৰেছক মিত্ৰতা কৰিবলৈ আহ্বান জনোৱাৰ পাছত কংগ্ৰেছে কি ভূমিকা পালন কৰে সেই বিষয়টো লক্ষ্যণীয় হ'ব পৰৱৰ্তী সময়ত ।

লগতে পঢ়ক : অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু তালিবানী চিন্তাৰে সংপৃক্ত: মমিনুল আৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.