ETV Bharat / state

গোলাঘাটত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

গোলাঘাটত লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

গোলাঘাটত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Jan 21, 2021, 9:47 PM IST

গোলাঘাট, ২১ জানুৱাৰী: বৃহস্পতিবাৰে গোলাঘাটত অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ নেতা-কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপন, অসমৰ বান-খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু হৰি শংকৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । গোলাঘাটত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিৰ নেতা-কৰ্মীয়ে ।

গোলাঘাটত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ
গোলাঘাটত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, খিলঞ্জীয়াৰ সংস্থাপনৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ উদ্যোগত লাইকা দধিয়াৰ ৰাইজে বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ জানমুখ লেজাইহুলাত স্থাপন কৰা অস্থায়ী শিবিৰতে থাকি পুনৰ সংস্থাপনৰ দাবী জনাই আহিছে ।
লগতে পঢ়ক:কৰিমগঞ্জৰ চৰকাৰী ভূমিত ভূ-মাফিয়াৰ চকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.