ETV Bharat / state

অজন্তা নেওগে বিজেপিত যোগদান কৰাক লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা

author img

By

Published : Nov 8, 2020, 8:45 PM IST

বিধায়িকাগৰাকীয়ে যদি বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ লগত কংগ্ৰেছৰ সতীৰ্থসকলে বিজেপি লৈ গমন কৰিব নে নাই এই বিষয়ে চলিছে আলোচনা ৷

ajanta neog inauguration jibanjyoti boyz club
অজন্তা নেওগে বিজেপিত যোগদান কৰাক লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা

গোলাঘাট, 8 নৱেম্বৰ: নিৰ্বাচন দিন কাষ চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ । বাট-পথৰ আধাৰশিলা স্থাপন, নতুনকৈ নিৰ্মিত গৃহ উদ্বোধন আদিত ব্যস্ত হৈ পৰিছে বিধায়কসকল । ঠিক একেদৰে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগকো দেখা পোৱা গৈছে ব্যস্ততাৰ মাজত । দেওবাৰে বিধায়কগৰাকীয়ে কছাৰীহাটত জীৱনজ্যোতি বয়জ ক্লাৱৰ এটা নৱ নিৰ্মিত গৃহ উদ্বোধন কৰে ।

বৰ্তমান বিধায়িকা অজন্তা নেওগৰ এটা সৰৱ চৰ্চাই গোলাঘাটত ব্যাপকভাৱে চৰ্চিত হৈছে । মানুহৰ মুখে মুখে এটাই কথা গোলাঘাটৰ বিধায়িকা, এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰিব । এই বিষয়টোৱে বৰ্তমান ৰাজনৈতিক মহলতো চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে । ইয়াৰ উপৰিও বিধায়িকাগৰাকীৰ একাংশ বিশ্বস্ত লোকে মণ্ডল আৰু ব্লক সমূহত তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলক যোগাযোগ কৰা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

বিধায়িকা গৰাকীয়ে যদিহে বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ লগত কংগ্ৰেছৰ সতীৰ্থসকলে বিজেপি লৈ গমন কৰিব নে নাই এই বিষয়ে আলোচনা চলি থকা বুলিও জানিব পৰা গৈছে । যিয়েই নহওক কিয়, নিৰ্বাচনৰ প্ৰাকক্ষণত অজন্তা নেওগে বিজেপিত যোগদান কৰা বিষয়টো ৰাজনৈতিক ভাৱে বিশেষ চৰ্চা লাভ কৰিছে । অৱশ্যে এই ক্ষেত্ৰত সাংবাদিকে কৰা প্ৰশ্নৰ পৰা আঁতৰি থাকে বিধায়িকাগৰাকী ।

লগতে পঢ়ক : জিভা পিচলিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.