খুমটাই, 23আগষ্টঃ ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক-দিনে বৃদ্ধি হোৱাৰ সময়তে আৰোগ্য লাভ কৰিছে বহু সংখ্যক ৰোগীয়ে ৷ আজি খুমটাইৰ জৱাহৰ নবোদয় বিদ্যালয় ক'ভিড কেয়াৰ চেন্টাৰৰ পৰা ৬৫ জনকৈ ৰোগীক স্বাস্থ্য বিভাগে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । 10 দিন ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকাৰ অন্তত ক'ভিড ৰিজাল্ট নিগেটিভ অহাত ঘৰলৈ যোৱাৰ আগমুহূৰ্তত বিহুনামৰ তালে তালে নাচি আনন্দ কৰে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকলে ৷
উল্লেখযোগ্য যে, বৰ্তমানলৈকে জৱাহৰ নবোদয় বিদ্যালয়ৰ ক'ভিড কেয়াৰ চেন্টাৰত ১২৬ জন কৰ’ণা প'জিটিভৰ ভিতৰত ৬৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে এতিয়াও ৫৯ জন ৰোগী চিকিৎসাধীন হৈ আছে ৷ আনহাতে, আৰোগ্য লাভ কৰা ৰোগীসকলে জৱাহৰ নবোদয় বিদ্যালয়ৰ ক'ভিড কেয়াৰ চেন্টাৰত থকা সা-সুবিধা সমূহকো প্ৰশংসা কৰে ৷
লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ