ETV Bharat / state

মৃণাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰকঃ আছু

author img

By

Published : Jan 7, 2020, 11:09 PM IST

2 জানুৱাৰীত হাবিয়াল গাঁৱত গুলীচালনা কৰা ঘটনাৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতেই আছুৰ প্ৰতিক্ৰিয়া । শীঘ্ৰে গ্ৰেপ্তাৰ কৰক খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক।

মৃণাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰকঃ আছু
আছু নেতা মনোৱাৰ হুছেইন

গোলাঘাট, 7 জানুৱাৰীঃ যোৱা 2 জানুৱাৰীত হাবিয়াল গাঁৱত গুলীচালনা কৰা ঘটনাৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতেই আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে ।

বিগত 2 জানুাৰীত হাবিয়াল গাঁৱৰ ঢকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰৰ সন্মুখত কা বিৰোধী আন্দোলনৰ উদ্যোক্তা বিনয় বৰুৱাৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ৷ সেই ঘটনাৰ তদন্তৰ অন্তত ৰোহিনী গগৈ নামৰ এজন ব্যৱসায়ীয়ে এই কাণ্ডৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহে ৷ মঙলবাৰে গোলাঘাট আৰক্ষীয়ে ৰোহিনী গগৈক গ্ৰেপ্তাৰ কৰি দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

আছু নেতা মনোৱাৰ হুছেইন

উল্লেখ্য যে, ৰোহিনী গগৈ খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ অতি ঘনিষ্ঠ ৷ এই ঘটনাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই আছু নেতা মনোৱাৰ হুছেইনে ৷ আছু নেতাগৰাকীয়ে বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে অভিযোগ উঠাই এই ঘটনাৰ লগত মৃনাল শইকীয়া জড়িত থকা বুলি জনাই অতি শীঘ্ৰে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সম্পূৰ্ণ ঘটনা বিধায়ক গৰাকীৰ নিৰ্দেশ হোৱা বুলি অভিযোগ তুলি বিধায়ক মৃনাল শইকীয়াক গ্ৰেপ্তাৰ নকৰালৈকে আছুয়ে তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷

Intro:২ জানুৱাৰীত হাবিয়াল গাঁৱত গুলীচালনা কৰা ঘটনাৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতেই আছুৰ প্ৰতিক্ৰিয়া। শীঘ্ৰে গ্ৰেপ্তাৰ কৰক খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক।

Body:যোৱা ২ জানুৱাৰীত হাবিয়াল গাঁৱত গুলীচালনা কৰা ঘটনাৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতেই আছুৰ প্ৰতিক্ৰিয়া। শীঘ্ৰে গ্ৰেপ্তাৰ কৰক খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক। হাবিয়াল গাঁৱৰ ঢকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰৰ সন্মুখত কা ৰিৰুদ্ধী আন্দোলনৰ উদ্যোক্তা বিনয় বৰুৱাৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। সেই ঘটনাৰ তদন্তৰ অন্তত ৰোহিনী গগৈ নামৰ এজন ব্যৱসায়ীয়ে এই কাণ্ড কৰা পোহৰলৈ আহে। আজি গোলাঘাট আৰক্ষীয়ে ৰোহিনী গগৈক গ্ৰেপ্তাৰ কৰি দুদিন ন্যায়িক জীমাত নিজৰ ওচৰত ৰাখে। এই তদন্তৰ পিছতেই বিভিন্ন জনে ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ধৃত ৰোহিনী গগৈ খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ ঘনিষ্ঠ হোৱাৰ অভিযোগ তোলে। এই ঘটনাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই আছু নেতা মনোৱাৰ হুছেইনে। আছু নেতা গৰাকীয়ে বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে অভিযোগ উঠাই এই ঘটনাৰ লগত মৃনাল শইকীয়া জড়িত থকা বুলি জনাই কয় অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক বিধায়ক গৰাকীক। সম্পূৰ্ণ ঘটনা বিধায়ক গৰাকীৰ নিৰ্দেশত চলিছে বুলি কৈই কয় বিধায়ক মৃনাল শইকীয়াৰ ছত্ৰছায়াতে চলিছে এনে ঘটনা। বিধায়ক মৃনাল শইকীয়াক গ্ৰেপ্তাৰ নকৰালৈকে আছুয়ে তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Conclusion:Byte 1: মনোৱাৰ হুছেইন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.