গোলাঘাট, 19 ফেব্ৰুৱাৰীঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ উপায়ন্তৰ হৈ পৰিছে সাধাৰণ জনতা ৷ শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷
চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল হৈ পৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদ ৷ অতি শীঘ্ৰেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: এচিড আক্ৰমণৰ বলি হোৱা মহিলাৰ ওচৰত মন্ত্ৰী পিয়ুষ হাজৰিকা