গোলাঘাট, 3 জুলাই : খুমটাইৰ চুংগীহোলা মণ্ডল কাঠনিৰ সমীপৰ বৰবিলৰ মেটেকাত আৱদ্ধ হৈ থকা হাতীটোৱে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে । প্ৰায় চল্লিশ জনীয়া হাতীৰ জাকৰ পৰা আঁতৰি আহিছিল বন্যহস্তীটো । বুধবাৰে খাদ্যৰ সন্ধানত খুমটাইৰ চুংগীহোলা মণ্ডল কাঠনিত আশ্ৰয় লৈছিল বন্যহস্তীৰ জাকটোৱে । উক্ত হাতীৰ জাকটোক বৃহস্পতিবাৰে আবেলি বন বিভাগৰ লোকে আঁতৰাই পঠিয়াইছিল যদিও এই হাতীটো থাকি গৈছিল মণ্ডল কাঠনিত ।
কিন্তু শুকুৰবাৰে পুৱা বৰবিলৰ মেটেকা আৰু বোকাত হাতীটো আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । বন বিভাগক বহুবাৰ অৱগত কৰাৰ পিছতো হাতীটোক উদ্ধাৰৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । স্থানীয় ৰাইজে হাতীটোক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল যদিও সফলতা লাভ নকৰিলে ৷
অৱশেষত মৃত্যুক সাৱতি লয় হাতীটোৱে ৷ বৰবিলৰ মেটেকানিৰ পৰা স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকৰ প্ৰচেষ্টাত JCB বাহনেৰে শিকলি লগাই হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচতে শেষকৃত্য সম্পন্ন কৰা হয় ৷
লগতে পঢ়ক: এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি