গোলাঘাট, 18 ফেব্ৰুৱাৰীঃ কৃষি কাৰ্যৰে কৃষি বিপ্লৱ সূচনা কৰা এজন শিক্ষক । তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ২৫ বিঘা ভূমিত সেউজীয়া মনোৰম প্ৰাকৃতিক পৰিৱেশ। বিশাল ভূমি আগুৰি থকা বাগানখনত আছে 1 লাখ 80 হাজাৰ জোপা সাঁচি গছ, 3 হাজাৰ বগা চন্দন, 3 হাজাৰ ৰঙা চন্দন, 10 হাজাৰ তামোল গছ উপৰিও কমলা বিভিন্ন প্ৰজাতিৰ গছ আৰু চাহ খেতিৰে নিজৰ লগতে আনকো স্বাৱলম্বী হবলৈ পথ দেখুৱাইছে শিক্ষকজনে ।
শিক্ষকৰ দৰে পৱিত্ৰ বিত্তিত থাকিও সেউজীয়াকৰণৰ মন লৈ কিছু পৃথক কাম কৰাৰ দুৰ্দান্ত হেঁপাহ শিক্ষকজনৰ । তাৰ পৰিণতিতেই আজি এজন আৰ্দশৱান শিক্ষকৰ উপৰিও এজন আদৰ্শৱান খেতিয়ক হিচাপে নিজ গঢ়ি তোলিবলৈ সক্ষম হৈছে ৷ গোলাঘাট জিলাৰ বাতিপৰীয়াৰ সেউজীয়া মনৰ অধিকাৰী এইগৰাকী শিক্ষক হৈছে চৈয়দুৰ ৰহমান । হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা চৈয়দুৰ ৰহমান নিবনুৱা যুৱকৰ বাবে এতিয়া এজন আদৰ্শ স্বৰূপ।
নিজ প্ৰচেষ্টাতেই ঘৰৰ কাষতে 25 বিঘা ভূমিত নিজ হাতেৰেই গঢ়ি তোলিছে এই বিশাল বাগিছাখন ৷ সুশৃংখল ভাৱে শাৰীয়ে-শাৰীয়ে আছে সাঁচি গছ,চাহগছ,চন্দন,তামোল গছ ইত্যাদি ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক হোৱাৰ পিছতো চাহ,সাঁচিগছ,চন্দন,তামোল আদি খেতিৰে সেউজ বিল্পৱ গঢ়িবলৈ সক্ষম হৈছে শিক্ষক চৈয়দুৰ ৰহমানে ।
ইয়াৰ উপৰিও বিভিন্ন বিদ্যালয়,মছজিদ,নামঘৰ আৰু ইচ্ছুক খেতিয়ককো বিভিন্ন গছপুলি বিতৰণ কৰি উৎসাহিত কৰি আহিছে শিক্ষকগৰাকীয়ে। শিক্ষকতাৰ উপৰিও কৃষি কাৰ্যৰে নিজকে আৰ্থিকভাৱে স্বাৱলম্বীৰ দিশৰ পৰা চৈয়দুৰ ৰহমানৰ এই পদক্ষেপ এতিয়া বহুতৰ বাবে হৈছে নিদৰ্শন ৷ উল্লেখ্য যে,চৰকাৰ, কৃষি বিভাগৰ সহায়ৰ অবিহনেই নিজ প্ৰচেষ্টাতেই এই মহান কাৰ্যটো গঢ়ি তোলিছে শিক্ষকগৰাকীয়ে ৷